মঙ্গলদৈত National Eligibility cum Entrance Test (NEET-UG) পৰীক্ষাত ১,২৯১ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব

দৰং জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ৩ মে’ত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা।
মঙ্গলদৈত National Eligibility cum Entrance Test (NEET-UG) পৰীক্ষাত ১,২৯১ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব
Published on

মঙলদৈঃ দৰং জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ৩ মে’ত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা। জিলাখনৰ চাৰিটা পৰীক্ষা কেন্দ্ৰ — যথা, মঙলদৈ বাণিজ্য মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়, পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় মঙলদৈ, আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুকলমে আৰু স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

জিলাখনৰ পৰা মুঠ ১২৯১ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰে ৬৬৬ জন ছাত্ৰ আৰু ৬২৫ গৰাকী ছাত্ৰী। ইয়াৰ উপৰিও ৪ জন দিব্যাং প্ৰাৰ্থী আছে। আনহাতে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ২১১ গৰাকী প্ৰাৰ্থী, বাকী তিনিটা কেন্দ্ৰৰ প্ৰতিটোতে ৩৬০ গৰাকী প্ৰাৰ্থী।

পৰীক্ষাটো ন্যায় আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ সকলো পৰীক্ষা কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে, লগতে প্ৰয়োজনীয় সংখ্যক ইনভিজিলেটৰ আৰু তত্বাৱধায়ক কৰ্মচাৰী নিয়োগ কৰা হৈছে। তদুপৰি প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি আৰু আনুষংগিক সা-সুবিধা সুনিশ্চিত কৰা হৈছে। নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দৰং জিলা প্ৰশাসনে সকলো পৰীক্ষাৰ্থীকে নিৰ্ধাৰিত সময়ৰ আগতেই নিজ নিজ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে। লগতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ)ৰ পৰা জাৰি কৰা সকলো নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰাৰ্থীসকলক বিশেষভাৱে সকীয়াই দিয়া হৈছে যে তেওঁলোকৰ বৈধ এডমিট কাৰ্ড আনিব লাগিব আৰু কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ বা গেজেট কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকিব লাগিব।

অধিক পঢ়ক - বাসিন্দাসকলে কলাইগাঁও–বেংবাৰী পথৰ শোচনীয় অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তৎকালীন মেৰামতিৰ দাবী কৰিছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com