মহিলা সংৰক্ষণ বিধেয়ক, ২০২৬ক সমৰ্থন কৰি অসম বিধানসভাই এক প্ৰস্তাৱ গৃহীত কৰে

অসম বিধানসভাই মহিলাৰ সংৰক্ষণ বিধেয়ক, ২০২৬ৰ সমৰ্থনত এক প্ৰস্তাৱ গৃহীত কৰে।
মহিলা সংৰক্ষণ বিধেয়ক, ২০২৬ক সমৰ্থন কৰি অসম বিধানসভাই এক প্ৰস্তাৱ গৃহীত কৰে
Published on

গুৱাহাটীঃ অসম বিধানসভাই মহিলাৰ সংৰক্ষণ বিধেয়ক, ২০২৬ৰ সমৰ্থনত এক প্ৰস্তাৱ গৃহীত কৰে। কংগ্ৰেছে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি সদনৰ পৰা ৱাকআউট কৰে।

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে কালি বিধানসভাত এই প্ৰস্তাৱ উত্থাপন কৰিছিল।

প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যিক বিধানসভা আৰু সংসদত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ সমৰ্থনত অনা প্ৰস্তাৱৰ বিৰোধিতা কৰি কংগ্ৰেছে নিজৰ মহিলা-বিৰোধী মনোভাৱ প্ৰকাশ কৰিছে।

তেওঁ কয়, “কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰ যদি মহিলাসকলৰ প্ৰতি সদিচ্ছা থাকিলহেঁতেন, তেন্তে ২০১০ চনতেই এই বিধেয়ক পাছ কৰিব পাৰিলেহেঁতেন। সেই সময়ত বিজেপি বিৰোধী দল হৈও বিধেয়কখন সমৰ্থন কৰিছিল, কিন্তু কংগ্ৰেছৰ মিত্ৰদলসমূহৰ বিৰোধিতাৰ বাবে ইয়াক গৃহীত কৰিব পৰা নগ’ল।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “চলিত জনগণনা সম্পূৰ্ণ হোৱাৰ পিছত হ’বলগীয়া সীমা নিৰ্ধাৰণ (Delimitation) প্ৰক্ৰিয়াৰ পাছত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ চর্ত সাপেক্ষে চৰকাৰে ২০২৬ চনৰ এপ্ৰিল মাহত কিছুমান সংশোধনীসহ বিধেয়ক উত্থাপন কৰিছিল। তেনে ক্ষেত্ৰত সংসদ আৰু বিধানসভাত মহিলাৰ সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ বিৰোধিতা কৰাৰ কি কাৰণ আছে কংগ্ৰেছৰ?”

অধিক পঢ়ক - জুবিন গাৰ্গৰ মৃত্যুকাণ্ডত জড়িত সাতজন অভিযুক্তৰ বিৰুদ্ধে আদালতৰ অভিযোগ গঠন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com