

আমাৰ স্নেহৰ ভগ্নী অনিমা বৰকটকী, প্ৰয়াত জিতেন বৰকটকীৰ পত্নী আৰু প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ গোস্বামী আৰু গৌৰী প্ৰভা গোস্বামীৰ কন্যা, ২ মে’, ২০২৬ তাৰিখে স্বৰ্গগামী হয়।
অনিমা বৰকটকী ললিত চন্দ্ৰ ভৰাঁলী মহাবিদ্যালয়ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্যা আছিল আৰু সহকৰ্মীসকলৰ সৈতে মিলি মহাবিদ্যালয়খনৰ দৃঢ় ভেটি গঢ়াত নিজকে সম্পূৰ্ণভাৱে উসৰ্গা কৰিছিল। কিন্তু জ্ঞানৰ প্ৰতি থকা গভীৰ তৃষ্ণাই তেওঁক আগবাঢ়ি গৈ শিক্ষা ক্ষেত্ৰৰ নতুন নতুন সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল। নিজৰ মনৰ আহ্বান অনুসৰি তেওঁ কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। তেওঁৰ বহুদিনৰ সপোন পূৰণ হৈছিল যেতিয়া তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডা ৰাজ্যৰ ৰাজধানী টালাহাছিৰ School of Technologies-ত অধ্যয়ন কৰিবলৈ যায়।
পঢ়া সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত কৰ্মৰত আছিল।
তেওঁ সঁচাকৈয়ে এগৰাকী স্নিগ্ধ আত্মা আছিল,তেওঁ যাৰে সান্নিধ্যত আহে সকলোৱে ভালপোৱা, সন্মান কৰা আৰু শ্ৰদ্ধা কৰিছিল। তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনোৱা হৈছে। ওঁ শান্তি!
অধিক পঢ়ক - বিশ্বজুৰি বিপজ্জনক এমিবাৰ বিস্তাৰে বিজ্ঞানীসকলক চিন্তনীয় কৰি তুলিছে