NEET-UG ২০২৬ পুনঃ পৰীক্ষা ২১ জুনত অনুষ্ঠিত হ’ব বুলি NTA-ৰ ঘোষণা

নেচনেল টেষ্টিং এজেন্সি (NTA)-এ শুকুৰবাৰে ঘোষণা কৰিছে যে NEET (UG) ২০২৬ ৰ পুনঃ পৰীক্ষা ২১ জুন, দেওবাৰে অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে বুলি এক আনুষ্ঠানিক বিজ্ঞপ্তিত জনাইছে।
NEET-UG ২০২৬ পুনঃ পৰীক্ষা ২১ জুনত অনুষ্ঠিত হ’ব বুলি NTA-ৰ ঘোষণা
Published on

নতুন দিল্লী: নেচনেল টেষ্টিং এজেন্সি (NTA)-এ শুকুৰবাৰে ঘোষণা কৰিছে যে NEET (UG) ২০২৬ ৰ পুনঃ পৰীক্ষা ২১ জুন, দেওবাৰে অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে বুলি এক আনুষ্ঠানিক বিজ্ঞপ্তিত জনাইছে।

ইফালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে কয় যে আগন্তুক বৰ্ষৰ পৰা NEET পৰীক্ষা কম্পিউটাৰ-ভিত্তিক (computer-based) পদ্ধতিলৈ স্থানান্তৰ কৰা হ’ব। ৰাজধানী দিল্লীত সংবাদমেলত তেওঁ কয় যে পৰীক্ষাসমূহ অনলাইন পদ্ধতিত অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আছে, যাৰ দ্বাৰা কেন্দ্ৰই কাগজ-ভিত্তিক ব্যৱস্থাৰ পৰা ডিজিটেল পদ্ধতিলৈ সৰকাবলৈ সিদ্ধান্ত লৈছে।

NTA-ৰ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল অফিচিয়েল চেনেলৰ জৰিয়তে তথ্য গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ আগতে NTA-এ NEET (UG) ২০২৬ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। এইবাৰ ২২.৭৯ লাখ প্ৰাৰ্থীয়ে নামভৰ্তি কৰিছিল আৰু ৩ মে’ ২০২৬ তাৰিখে অনুষ্ঠিত পৰীক্ষা পিছত বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

নেচনেল টেষ্টিং এজেন্সি মতে, কেন্দ্ৰীয় সংস্থা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত পৰীক্ষাৰ স্বচ্ছতা সন্দৰ্ভত উদ্বেগৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

ইফালে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)-য়ে NEET-UG ২০২৬ প্ৰশ্ন কাকত ফাদিলৰ (paper leak) অভিযোগৰ তদন্ত তীব্ৰতৰ কৰিছে। বিষয়াসকলৰ মতে, বৃহৎ চক্ৰটো উৎখাত কৰাৰ লক্ষ্যৰে চাৰিজন অভিযুক্তক অধিক জেৰাৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছে।

ইয়াৰ মাজতে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদমেলত জনাইছে যে ৰাধাকৃষ্ণণ কমিটীৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছিল, কিন্তু কোনো ঠাইত “চেইন অৱ কমাণ্ড”ত ব্যাঘাত ঘটিছে বুলি তেওঁ স্বীকাৰ কৰিছে। তেওঁ লগতে কয় যে ব্যৱস্থাটোক অধিক শক্তিশালী কৰিবলৈ সংশোধনীমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰধানে এই ঘটনাক দেশৰ “এডুকেচন মাফিয়া”ৰ বিৰুদ্ধে এক দীঘলীয়া আৰু অব্যাহত যুঁজ বুলি অভিহিত কৰিছে।

অধিক পঢ়ক - মণিপুৰত নিৰাপত্তা বাহিনী, নাগৰিক সমাজ সংগঠন (CSO) আৰু স্থানীয় সমাজ নেতা–প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাৰ ফলত ২৮ জন সাধাৰণ নাগৰিকক মুক্তি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com