গুৱাহাটীঃ(GUWAHATI) কাইলৈৰ পৰা ৰোমানিয়াৰ মামাইয়াত অনুষ্ঠিত হ'বলগীয়া ফিডে বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে অসমৰ দবা খেলুৱৈ সুস্মিতা ভৌমিক। এছিয়ান ইউথ অনূৰ্ধ্ব-১৮ গাৰ্ল চেম্পিয়নশ্বিপ- ২০২১ত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় দলত নিৰ্বাচিত হৈছিল সুস্মিতাই সোণৰ পদক লাভ কৰিছিল। ফিডে বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছোৱালী।
লগতে পঢ়ক:অল-উইন অভিলেখৰ সৈতে ওডিছা(Odisha) এফ চিৰ গ্ৰুপ পৰ্যায়ৰ অন্ত পৰিব