অসম ভাৰতৰ ৰাজ্যসমূহৰ বাবে দক্ষ আৰ্থিক ব্যৱস্থাপনা আৰু ডিজিটেল শাসনৰ আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে

স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া আৰু শিশুবিবাহ ৰোধত সফলতাৰ পিছত অসমে এতিয়া দক্ষ আৰ্থিক ব্যৱস্থাপনাৰ ক্ষেত্ৰতো নতুন সফলতা লাভ কৰিছে।
অসম ভাৰতৰ ৰাজ্যসমূহৰ বাবে দক্ষ আৰ্থিক ব্যৱস্থাপনা আৰু ডিজিটেল শাসনৰ আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে
Published on

গুৱাহাটীঃ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া আৰু শিশুবিবাহ ৰোধত সফলতাৰ পিছত অসমে এতিয়া দক্ষ আৰ্থিক ব্যৱস্থাপনাৰ ক্ষেত্ৰতো নতুন সফলতা লাভ কৰিছে। আন ৰাজ্যৰ বিষয়াসকলেও অসমৰ পৰা উন্নত আৰ্থিক ব্যৱস্থাপনা কেনেকৈ গঢ় দিব লাগে তাৰ পৰামৰ্শ লৈছে।

অধিকাৰীসকলৰ মতে, অসমে যিদৰে আৰ্থিক স্থিৰতা বজাই ৰাখি উন্নয়ন সাধন কৰিছে, সেয়া আন বহু ৰাজ্যৰ বাবে উদাহৰণ হৈ পৰিছে। ২০২০ৰ পৰা ২০২৫ বিত্তীয় বৰ্ষলৈ অসমে ১৭.৩২ শতাংশ যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ (Compound Annual Growth Rate) (CAGR) লাভ কৰি দেশৰ আটাইতকৈ দ্ৰুত বিকাশ হোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে।

এজন শীৰ্ষ অধিকাৰীয়ে কয় যে, উন্নত নীতি নিৰ্ধাৰণ আৰু তৎক্ষণাত পৰ্যবেক্ষণৰ বাবে ৰাজ্য চৰকাৰে NITI Aayog-ৰ সহযোগত ‘Viksit Assam Strategic Room’ আৰু ডাটা এনালাইছিছ প’ৰ্টেল স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ, আঁচনি ৰূপায়ণ আৰু উন্নয়ন মূল্যায়ন অধিক সহজ হ’ব।

২২ মে’ ২০২৬ তাৰিখে বিধানসভাত ভাষণ প্ৰদান কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে, ২০২৬-২৭ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State Domestic Product) (GSDP) ৮.৭১ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে, যি ২০২১-২২ বৰ্ষত আছিল ৪.১১ লাখ কোটি টকা। চৰকাৰে ২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। লগতে ৰাজ্যৰ ঋণ-GSDP অনুপাত ২৫ শতাংশৰ তলত ৰাখিবলৈ সক্ষম হৈছে, যি অনুমোদিত সীমা ৩২ শতাংশতকৈ কম।

স্বচ্ছ আৰু ন্যায়সংগত নিযুক্তি ব্যৱস্থাৰ ক্ষেত্ৰতো অসমৰ মডেল অনুসৰণ কৰিবলৈ বহু ৰাজ্য আগ্ৰহী হৈছে। ৰাজ্য চৰকাৰে কোনো ধৰণৰ অনিয়মৰ অভিযোগ নোহোৱাকৈ প্ৰায় ১.৫০ লাখ যুৱক-যুৱতীক চাকৰিৰ সুযোগ দিছে।

যোৱা পাঁচ বছৰত চৰকাৰে শিশুবিবাহ ৰোধত কঢ়া ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত এই কু-প্ৰথা ৮০ শতাংশ হ্ৰাস পাইছে। এই সফলতাৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এখন বৈঠকত উল্লেখ কৰিছিল।

অধিক পঢ়ক - শৈশৱৰ জাংক ফুডে জীৱনজুৰি মগজুত প্ৰভাৱ পেলাব পাৰে: গৱেষণা

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com