অসমৰ নলবাৰী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নতুন জৰুৰীকালীন অৱতৰণ সুবিধাৰ পৰিকল্পনা

কেন্দ্ৰীয় চৰকাৰে অসমত দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই ELF খন নিম্ন অসমৰ নলবাৰী জিলাত ৰাষ্ট্ৰীয় ঘাইপথত গঢ়ি তোলা হ’ব।
অসমৰ নলবাৰী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নতুন জৰুৰীকালীন অৱতৰণ সুবিধাৰ পৰিকল্পনা
Published on

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমত দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই ELF খন নিম্ন অসমৰ নলবাৰী জিলাত ৰাষ্ট্ৰীয় ঘাইপথত গঢ়ি তোলা হ’ব। ইয়াৰ আগতে মৰাণ বাইপাছত ৰাজ্যখনৰ প্ৰথম ELF নিৰ্মাণ কৰা হৈছিল, যিটো এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিছিল।

সূত্ৰ অনুসৰি,ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণয়ে নলবাৰী জিলাৰ তিহুৰ পৰা মাধাপুৰলৈ NH-27ৰ প্ৰায় পাঁচ কিলোমিটাৰ অংশ ELF হিচাপে উন্নীত কৰিব। ইতিমধ্যে থকা চাৰি লেনৰ পথ ELFৰ মানদণ্ড অনুসৰি উন্নয়ন কৰা হ’ব।

NHAIয়ে প্ৰস্তাৱিত ELF এলেকাৰ চাৰিওফালে নিৰ্দিষ্ট সীমাৰ ভিতৰত “নো-কনষ্ট্ৰাকচন জ’ন” ঘোষণা কৰাৰ পৰিকল্পনাও কৰিছে।

এই সন্দৰ্ভত ১৯ মে’ত নলবাৰী জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বিভিন্ন পক্ষৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

দ্য ছেণ্টিনেলৰ সৈতে কথা পাতি তেওঁ কয়, “NHAIয়ে ELF স্থলীক নো-কনষ্ট্ৰাকচন জ’ন হিচাপে গঢ়ি তুলিব বিচাৰিছে। ইয়াৰ বাবে কি কি নিয়ম থাকিব আৰু স্থানীয় লোকসকলে কোনবোৰ নিষেধাজ্ঞা মানি চলিব লাগিব, সেই বিষয়ে সজাগ হ’ব লাগিব। বৈঠকত এই বিষয়ত প্ৰাথমিক আলোচনা কৰা হৈছে। এতিয়া NHAI আৰু অন্যান্য সংশ্লিষ্ট পক্ষৰ সৈতে অধিক বিশদভাৱে আলোচনা কৰিব লাগিব।”

কেন্দ্ৰীয় চৰকাৰে ELFৰ বাবে নিৰ্বাচন কৰা NH-27ৰ তিহু-মাধাপুৰ অংশটো সম্পূৰ্ণ সোজা হোৱাৰ বাবে জৰুৰী অৱস্থাত বিমান অৱতৰণৰ বাবে উপযোগী বুলি ধৰা হৈছে।

এই বছৰৰ ১৪ ফেব্ৰুৱাৰীত মৰাণ বাইপাছত নিৰ্মিত ELFত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজে বিমানত অৱতৰণ কৰিছিল। সেইদিনা আন কেইবাখনো বিমানেও ELFত অৱতৰণ কৰে।

মৰাণ ELF উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজৰ X হেণ্ডেলত লিখিছিল, “উত্তৰ-পূৰ্বাঞ্চলে Emergency Landing Facility লাভ কৰাটো অত্যন্ত গৌৰৱৰ বিষয়। কৌশলগত দিশৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়তো এই সুবিধাৰ বিশেষ গুৰুত্ব আছে।”

অধিক পঢ়ক - অসমীয়া পৰিচয় সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যৰ তীব্ৰ সমালোচনা

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com