অসমৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পদত্যাগ গ্ৰহণ কৰি তেওঁক কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে অব্যাহত থাকিবলৈ অনুৰোধ জনালে

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নোহোৱালৈকে তেওঁক কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থাকিবলৈ অনুৰোধ জনালে।
অসমৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পদত্যাগ গ্ৰহণ কৰি তেওঁক কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে অব্যাহত থাকিবলৈ অনুৰোধ জনালে
Published on

গুৱাহাটীঃ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নোহোৱালৈকে তেওঁক কাৰ্যবাহী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থাকিবলৈ অনুৰোধ জনালে।

নতুন চৰকাৰ গঠনৰ পথ সুগম কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা বহিৰ্গামী মন্ত্ৰীসভাই পদত্যাগ দাখিল কৰাটো এটা সাংবিধানিক বাধ্যবাধকতা। ৰাজ্যপালে ১৫ সংখ্যক অসম বিধানসভা ভংগ কৰাৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ গ্ৰহণ কৰিছে।

পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘১১ মে’ৰ আগত নতুন চৰকাৰ গঠন নহ’ব৷৯ বা ১০ মে’ত কেন্দ্রীয় পৰ্যবেক্ষক জে পি নাড্ডাৰ উপস্থিতিত বিজেপি বিধায়িনী দলে নিজৰ নেতা বাছনি কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিব৷যেনেকৈ মুখ্য নির্বাচনী বিষয়া, অসমে প্রার্থীৰ তালিকা দাখিল কৰিলে, মন্ত্রী পৰিষদৰ পদত্যাগ কৰাটো বাধ্যতামূলক হৈ পৰিল৷আমি বহু সাংবিধানিক নীতি-নিয়ম মানি চলিব লাগিব৷ নতুন চৰকাৰ গঠন কৰিবলৈ, আৰু এই পৰিৱৰ্তনকালত মই এজন কেয়াৰটেকাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিম।”

বিজেপিৰ সূত্ৰই জনাইছে যে যদিও এতিয়ালৈ সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই, নতুন চৰকাৰে ১২ মে’ত শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতি প্ৰায় নিশ্চিত।

মুখ্যমন্ত্ৰীয়ে কৈছে, “আগন্তুক পাঁচ বছৰ অসমৰ বাবে সোণালী সময় হ’ব। বিজেপি চৰকাৰৰ প্ৰথম পাঁচ বছৰত আমি উন্নয়নমূলক প্ৰকল্পসমূহ পৰিকল্পনা কৰিছিলোঁ, আৰু পৰৱৰ্তী পাঁচ বছৰত সেইবোৰ বাস্তৱায়িত কৰিলোঁ। এতিয়া আগন্তুক পাঁচ বছৰত আমি জনতাৰ বাবে কেইবাটাও প্ৰকল্প উচৰ্গা কৰিম, যেনে ধুবুৰী–ফুলবাৰী সংযোগী সেঁতু, কুৰুৱা–নৰেংগী সেঁতু, ব্ৰহ্মপুত্ৰ নদীৰ তলেদি সুৰংগ, গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিড’ৰ, চেমিকণ্ডাক্টৰ ইউনিট আদি। আমি বহু নতুন প্ৰকল্পো হাতত ল’ম। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম।”

তেওঁ লগতে কৈছিল যে বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু দখলৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ স্থিতি আগৰ দৰেই অব্যাহত থাকিব। উচ্ছেদ অভিযানসমূহ আৰু বাংলাদেশী পুশবেক অভিযানো চলি থাকিব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি, “আমাৰ যুঁজ ভাৰতীয় বা দেশীয় মুছলমানৰ বিৰুদ্ধে নহয়। আমাৰ যুঁজ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে।” তেওঁ লগতে কয় যে ১০৩খন বিধানসভা সমষ্টিত ডিলিমিটেশ্যন এনেকৈ কৰা হৈছিল যে হিন্দু ভোটাৰসকলেই নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। এই পদক্ষেপৰ প্ৰভাৱ নিৰ্বাচনত দেখা গৈছিল, য’ত এনডিএয়ে ১০২খন আসন জয় কৰিছিল।

অধিক পঢ়ক - হোজাই আৰু লামডিং বিধানসভা সমষ্টিত বিজেপিৰ জয়, আনহাতে বিন্নাকাণ্ডি সমষ্টিত AIUDF মুৰব্বী বদৰুদ্দিন আজমলৰ জয়ী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com