অস্বাভাৱিক জনসংখ্যা পৰিবর্তনৰ বিষয়ত ব্যৱস্থা ল’ব জাষ্টিছ নাওলেকাৰ কমিটিয়ে, অমিত শ্বাহ

অনুপ্ৰৱেশ সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰৰ নেতৃত্বত পাঁচজনীয়া এখন কমিটি গঠন কৰা বুলি ঘোষণা কৰে।
অস্বাভাৱিক জনসংখ্যা পৰিবর্তনৰ বিষয়ত ব্যৱস্থা ল’ব জাষ্টিছ নাওলেকাৰ কমিটিয়ে,  অমিত শ্বাহ
Published on

নতুন দিল্লীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দেশৰ সুৰক্ষাৰ বাবে অস্বাভাৱিক জনসংখ্যা পৰিবর্তনক এক গুৰুত্বপূর্ণ সমস্যা বুলি কৈ, অনুপ্ৰৱেশ সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰৰ নেতৃত্বত পাঁচজনীয়া এখন কমিটি গঠন কৰা বুলি ঘোষণা কৰে।

শ্বাহে সামাজিক মাধ্যম X-ত কয় যে, “অনুপ্ৰৱেশ আৰু আন কিছুমান কাৰণত হোৱা অস্বাভাৱিক জনসংখ্যা পৰিবর্তনে দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।”

তেওঁ কয় যে, ২০২৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘হাই লেভেল কমিটি অন ডেমোগ্ৰাফিক চেঞ্জ’ গঠনৰ কথা ঘোষণা কৰিছিল আৰু এতিয়া চৰকাৰে আনুষ্ঠানিকভাৱে এই কমিটি গঠন কৰিছে।

এই কমিটিয়ে ধৰ্মীয় আৰু সামাজিক গোটসমূহৰ মাজত হোৱা অস্বাভাৱিক জনসংখ্যা পৰিবর্তনৰ ধৰণ অধ্যয়ন কৰিব আৰু ইয়াৰ সমাধানৰ বাবে সময়সীমা নিৰ্ধাৰিত পৰিকল্পনা দাখিল কৰিব।

কমিটিখনৰ সভাপতি হ’ব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ। ইয়াৰ সদস্য হিচাপে থাকিব জনগণনা আয়ুক্ত, অৱসৰপ্ৰাপ্ত IAS বিষয়া দুর্গা শংকৰ মিশ্ৰ, অৱসৰপ্ৰাপ্ত IPS বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু শামিকা ৰাভি। গৃহ মন্ত্ৰালয়ৰ যৌথ সচিব সুমন্ত সিং সদস্য সচিব হিচাপে দায়িত্ব পালন কৰিব।

শ্বাহে কয় যে, “জনসংখ্যাগত পৰিবর্তন কেৱল দেশৰ সাৰ্বভৌমত্বই নহয়, ৰাষ্ট্ৰীয় সুৰক্ষা, আইন-শৃংখলা, সামাজিক গাঁথনি আৰু জনজাতীয় সমাজৰ অস্তিত্বৰ সৈতেও জড়িত এক গুৰুত্বপূর্ণ বিষয়।”

তেওঁ লগতে কয় যে, “এই কমিটিয়ে অবৈধ অনুপ্ৰৱেশ আৰু আন অস্বাভাৱিক কাৰণত ভাৰতজুৰি হোৱা জনসংখ্যাগত পৰিবর্তনৰ বিস্তৃত মূল্যায়ন কৰিব। লগতে ধৰ্মীয় আৰু সামাজিক গোটসমূহৰ মাজত হোৱা অস্বাভাৱিক জনসংখ্যা পৰিবর্তনৰ ধৰণ বিশ্লেষণ কৰি ইয়াৰ বাবে সময়সীমা নিৰ্ধাৰিত পৰিকল্পিত সমাধান আগবঢ়াব।”

সম্প্ৰতি সমাপ্ত হোৱা পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ আগতে অনুপ্ৰৱেশৰ বিষয়টো ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল। এনে পৰিস্থিতিত এই কমিটি গঠনক বিশেষ গুৰুত্বপূর্ণ বুলি ধৰা হৈছে। (IANS)

অধিক পঢ়ক - ২০২৪-২৫ত অসমৰ বকেয়া ঋণৰ পৰিমাণ বৃদ্ধি; ঋণ ব্যৱস্থাপনা আৰু আৰ্থিক চাপক লৈ CAG-ৰ মন্তব্য

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com