

গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত পদ্ম বঁটা ২০২৬ গ্ৰহণ কৰে।
অসমৰ বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব হৰিচৰণ শইকীয়াই সত্রীয়া নৃত্য আৰু সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৩০ চনৰ ৩ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ গোঁসাইপুখুৰী গাঁৱত জন্মগ্ৰহণ কৰা শইকীয়াই ভাৰত স্বাধীনতাৰ পূৰ্বেই সত্রীয়া নৃত্য পৰিবেশন কৰিছিল। বিশেষকৈ মাজুলীৰ সত্রসমূহলৈ আগতীয়াকৈ আহা ব্ৰিটিছ বিষয়াসকলৰ অভ্যৰ্থনা অনুষ্ঠানত তেওঁ সত্রীয়া নৃত্য প্ৰদৰ্শন কৰিছিল।
তেওঁে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুআৰু দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সন্মুখতো সত্রীয়া নৃত্য পৰিবেশন কৰিছিল। ১৯৪৮ চনত তেওঁ মনিৰাম গায়ন মোক্তাৰৰ সৈতে অল ইণ্ডিয়া ৰেডিঅ’ত “বৰগীত” পৰিবেশন কৰিছিল। ১৯৩৮ চনৰ পৰা ১৯৬২ চনলৈ তেওঁ কমলাবাৰী সত্ৰৰ সৈতে জড়িত আছিল।
অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত মুখ্য স্থপতি আৰু সমাজকৰ্মী Techi Gubin-এও পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৬৪ চনৰ ১ নৱেম্বৰত জন্মগ্ৰহণ কৰা গুবিনে ১৯৮৮ চনত চণ্ডীগড় কলেজ অৱ আর্কিটেকচাৰৰ পৰা স্থাপত্যত স্নাতক (Bachelor of Architecture) ডিগ্ৰী লাভ কৰে। তেওঁ প্ৰথমে সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৯০ চনত APPWD-ত যোগদান কৰে। চাৰি দশকজুৰি বিস্তৃত কৰ্মজীৱনত তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন দায়িত্ব পালন কৰি শেষত মুখ্য স্থপতি হিচাপে অৱসৰ গ্ৰহণ কৰে।
যুমনাম জাতৰা সিঙে মৰণোত্তৰভাৱে আজি পদ্মশ্ৰী বঁটা লাভ কৰে। তেওঁ আছিল মণিপুৰৰ এক কিংবদন্তিসম সাংস্কৃতিক ব্যক্তিত্ব আৰু নাতা সংকীৰ্তন—মণিপুৰৰ পৰম্পৰাগত বৈষ্ণৱ নৃত্য আৰু সংগীত শৈলীৰ—এজন বিশিষ্ট সাধক। তেওঁ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীত ভিজিটিং গুৰু হিচাপেও সেৱা আগবঢ়াইছিল।
১৯২৩ চনৰ ১২ ছেপ্টেম্বৰত মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ টেনদোংয়ান আৱাং লেইকাইত জন্মগ্ৰহণ কৰা যাত্ৰা সিঙে অতি কম বয়সতেই সংগীত শিক্ষা আৰম্ভ কৰিছিল। ১৯৪৯ চনৰ পৰাই আৰম্ভ হোৱা তেওঁৰ দীঘলীয়া শিল্পী জীৱনত তেওঁ সমগ্ৰ ভাৰতজুৰি অনুষ্ঠান পৰিবেশন কৰিছিল। সাত দশকৰো অধিক সময়জুৰি বিস্তৃত তেওঁৰ জীৱনৰ সাধনা আধ্যাত্মিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰত উৎসৰ্গিত আছিল। লগতে তেওঁ বহু নবীন শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰি নতুন প্ৰজন্ম গঢ়ি তুলিছিল।
হেলি ৱাৰয়ে আজি পদ্মশ্ৰী বঁটা লাভ কৰে। তেওঁ মেঘালয়ৰ এজন বিশিষ্ট পৰিৱেশবিদ আৰু খাছি জনগোষ্ঠীৰ স্বদেশীয় জ্ঞানৰ এক সন্মানীয় সংৰক্ষক হিচাপে পৰিচিত।
১৯৫৭ চনৰ ৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ৱাৰে টেকসই জীৱনধাৰা আৰু পৰম্পৰাগত জৈৱ-অভিযান্ত্ৰিকীকৰণৰ এক বিশ্বজনীন প্ৰতীক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। পাঁচ দশকৰো অধিক সময় ধৰি তেওঁ প্ৰকৃতি আৰু সমাজৰ নিঃস্বাৰ্থ সেৱাত নিজ জীৱন উৎসৰ্গা কৰি আহিছে।
অধিক পঢ়ক - ফুটপাথ দখলক লৈ GMC-ৰ ওপৰত তীব্ৰ সমালোচনা; পথচাৰী আৰু ব্যৱসায়ীৰ অধিকাৰ সুৰক্ষাৰ দাবী