

বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহুদিন ধৰি বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাবে পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিচিত। কিন্তু এতিয়া উদ্যানখনত সঘনাই বাঘ দেখা পোৱাৰ ফলত ইয়াৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি পাইছে। গঁড়ৰ লগতে দেশ-বিদেশৰ পৰ্যটকৰ বাবে এতিয়া বিশেষ আকৰ্ষণ হৈ পৰিছে ‘গোল্ডেন টাইগাৰ’।
ৰবিবাৰে কাজিৰঙা ভ্ৰমণলৈ অহা পৰ্যটকসকল পুনৰ উৎফুল্ল হৈ উঠে যেতিয়া তেওঁলোকে অতি ওচৰৰ পৰা বিশালাকাৰ গোল্ডেন টাইগাৰটো দেখা পায়। জানিব পৰা মতে, কাজিৰঙাৰ কহৰা ৰেঞ্জৰ অন্তৰ্গত কথপৰা ভিউ পইণ্টৰ ওচৰত বাঘটো দেখা যায়। বনাঞ্চলৰ মাজৰ পৰা ওলাই আহি জলাশয়ৰ পাৰ পাৰ হৈ যোৱা গোল্ডেন টাইগাৰৰ দৃশ্যই পৰ্যটকসকলক মুগ্ধ কৰি তোলে। এই মুহূৰ্তৰ ভিডিঅ’ এজন পৰ্যটকে কেমেৰাত বন্দী কৰে।
উল্লেখযোগ্য যে কাজিৰঙাৰ কেন্দ্ৰীয় কহৰা ৰেঞ্জত এই গোল্ডেন টাইগাৰক আটাইতকৈ বেছি দেখা যায়। বিশেষকৈ মিহিমুখ অঞ্চলত ইয়াৰ বিচৰণ অধিক হোৱাৰ বাবে দেশী-বিদেশী পৰ্যটকে নিয়মীয়াকৈ এই বিৰল বাঘটো চোৱাৰ সুযোগ লাভ কৰে।
বোকাখাতৰ পৰ্যটক ৰাহুল আচাৰ্যই কয় যে তেওঁ অতি ওচৰৰ পৰা গোল্ডেন টাইগাৰটো দেখি ভিডিঅ’ তুলিবলৈ সক্ষম হয়। তেওঁ কয়, “জীৱনত প্ৰথমবাৰৰ বাবে ইমান ওচৰৰ পৰা গোল্ডেন টাইগাৰ দেখি মই অত্যন্ত উৎফুল্ল হৈ পৰিছিলো। আগতেও বহুবার কাজিৰঙাত ছাফাৰীত গৈছিলো, কিন্তু কেতিয়াও এই বাঘটো দেখা নাছিল।”
তেওঁ লগতে লক্ষ্য কৰে যে বাঘটো কিছু আঘাতপ্ৰাপ্ত যেন লাগিছিল, কাৰণ খোজ কাঢ়োতে সামান্য লেঙেৰাই থকা দেখা গৈছিল। “আমি বন বিভাগৰ কৰ্তৃপক্ষক বিষয়টো জনাইছো। এই গোল্ডেন টাইগাৰটোৱে কাজিৰঙালৈ বহু পৰ্যটক আকৰ্ষণ কৰি আছে, সেয়েহে ইয়াৰ সঠিক চিকিৎসা আৰু যত্ন লোৱা উচিত,” বুলিও তেওঁ কয়।
সাধাৰণতে বাঘে মানুহৰ সংস্পৰ্শ এৰাই চলে আৰু দূৰত্ব বজাই ৰাখে। কিন্তু কাজিৰঙাৰ এই গোল্ডেন টাইগাৰটো বহু সময়ত পৰ্যটকৰ ওচৰতে নিৰ্ভয়ে ঘূৰি ফুৰা দেখা যায়। বন্যপ্ৰাণীপ্ৰেমীসকলে এই আচৰণক অস্বাভাৱিক বুলি উল্লেখ কৰি ইয়াৰ ওপৰত বিজ্ঞানসন্মত গৱেষণাৰ দাবী জনাইছে। তেওঁলোকে কাজিৰঙা কৰ্তৃপক্ষক বন্যপ্ৰাণী বিশেষজ্ঞৰ জৰিয়তে বিষয়টো গভীৰভাৱে অধ্যয়ন কৰাৰ আহ্বান জনাইছে।
অধিক পঢ়ক - AMCH চৌহদত অবৈধ দোকানৰ বাঢ়নি; অস্বাস্থ্যকৰ পৰিবেশক লৈ জনস্বাস্থ্যৰ গভীৰ উদ্বেগ