

বোকাখাতঃ দীঘলীয়া ব্যৱধানৰ অন্তত পুনৰ এবাৰ কাজিৰঙাত বিলুপ্তপ্ৰায় ঘড়িয়াল দেখা পোৱা গৈছে। পৰ্যটকসকলেও এই সৰীসৃপটোৰ ফটো কেমেৰাত বন্দী কৰিছে। শেহতীয়াকৈ পৰ্যটক গাইড শিশুকান্ত নাথে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুমুখ বন শিবিৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নৈৰ চৰৰ ওপৰত এটা ঘড়িয়ালৰ ফটো তোলে।
উল্লেখ্য যে বিশিষ্ট পৰিৱেশবিদ তথা প্ৰশাসনিক বিষয়া আনোৱাৰুদ্দিন চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শইকীয়াই বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰত ঘড়িয়ালৰ উপস্থিতিৰ সম্ভাৱনা সন্দৰ্ভে অধ্যয়ন চলাই আহিছিল। ২০২১ চনত আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণ সংস্থা ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ এক বিশেষ সমীক্ষাত গৱেষকসকলে প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকাৰ উত্তৰ দিশত অৱস্থিত ব্ৰহ্মপুত্ৰৰ চৰৰ অঞ্চলত এটা ঘড়িয়াল দেখা পায় আৰু তাৰ ফটো তুলিবলৈ সক্ষম হয়।
ইয়াৰ পিছত ২০২২ চনত গৱেষণা দলে একে অঞ্চলতে পুনৰ কেইবাবাৰো ঘড়িয়াল দেখা পাইছিল যদিও তাৰ ফটো তুলিবলৈ সক্ষম হোৱা নাছিল। পাছত ২০২৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰৰ বিশ্বনাথ বন্যপ্ৰাণী বিভাগ আৰু টিএছএ ফাউণ্ডেশ্যন ইণ্ডিয়াৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰ নৈৰ ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিশেষ সমীক্ষা চলোৱা হয়।
এই সমীক্ষা মাজুলীৰ পৰা কলিয়াভোমোৰা সেতু আৰু তেজপুৰলৈকে বিস্তৃত অঞ্চলত সম্পন্ন কৰা হয়। গৱেষণা দলে নৈৰ গভীৰতা, পানীৰ সোঁত, চেনেলৰ প্ৰস্থ, উদ্ভিদ আৱৰণ আৰু চাৰিওফালৰ ভূ-প্ৰকৃতি আদি বিষয় অধ্যয়ন কৰি জলজ সৰীসৃপৰ বাবে উপযুক্ত বাসস্থানসমূহ মূল্যায়ন কৰে।
সুস্মিতা কাৰ আৰু মনালিছা বৈশ্যৰ নেতৃত্বত পাঁচজনীয়া গৱেষণা দলে পাঁচবিধ প্ৰজাতিৰ ৯০০ৰো অধিক কাছ নথিভুক্ত কৰে। ইয়াৰ লগতে দলটোৱে অঞ্চলটোত এটা মাইকী ঘড়িয়ালৰ উপস্থিতিৰ প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে তাৰ সফলভাৱে ফটো তুলিবলৈও সক্ষম হয়। পাছত টিএছএ ফাউণ্ডেশ্যন ইণ্ডিয়াই কাজিৰঙাৰ ঘড়িয়াল সন্দৰ্ভত ফটো আৰু তথ্যসম্বলিত এক প্ৰতিবেদন প্ৰকাশ কৰে।
টিএছএ ফাউণ্ডেশ্যন ইণ্ডিয়াৰ সমন্বয়ক ড° সুস্মিতা কাৰে জানিবলৈ দিয়ে যে ২০২৪ চনৰ সমীক্ষাৰ সময়ত তেওঁলোকে বুঢ়াপাহাৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ চৰত একেটা মাইকী ঘড়িয়াল কেইবাবাৰো দেখা পাইছিল আৰু তাৰ ফটো তুলিবলৈ সক্ষম হৈছিল। ২০২৪ চনৰ পিছতো শেহতীয়াকৈ পুনৰ অঞ্চলটোত ঘড়িয়াল দেখা পোৱা গৈছে।
বিশেষজ্ঞসকলৰ মতে, একেৰাহে চাৰি বছৰৰ নথিভুক্ত তথ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰত ঘড়িয়ালৰ বাবে এক সুস্থ বাসস্থান গঢ় লৈ উঠাৰ ইংগিত দিয়ে। বিগত তিনি বছৰত ব্ৰহ্মপুত্ৰৰ বিস্তৃত ষষ্ঠ সংযোজন এলেকাত একেটা মাইকী ঘড়িয়ালৰ বাৰ বাৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। এই তথ্যসমূহে ব্ৰহ্মপুত্ৰ নৈত ঘড়িয়ালৰ উপস্থিতি নিশ্চিত কৰিছে।
বিশেষজ্ঞসকলৰ মতে, প্ৰায় ৭৫ বছৰৰ পিছত ব্ৰহ্মপুত্ৰৰ পৰিৱেশ ব্যৱস্থালৈ ঘড়িয়ালৰ পুনৰ আগমন ঘটিছে।
অধিক পঢ়ক - দীৰ্ঘদিনৰ ব্যৱধানৰ অন্তত পাছিঘাটত দেখা গ’ল বিৰল হৰ্ণবিল