

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শক্তিশালী নিৰ্বাচনী প্ৰদৰ্শন আগবঢ়ায়।
জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত বিজয় লাভ কৰে।
গুৱাহাটী কেন্দ্ৰীয় বিধান সভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা বিজয়ী হয়। দিছপুৰত বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে জয়লাভ কৰাৰ বিপৰীতে নতুন গুৱাহাটীত দীপ্লু ৰঞ্জন শৰ্মাহে জয়লাভ কৰে। ডিমৰীয়া বিধান সভা সমষ্টিত অসম গণ পৰিষদৰ ড০ তপন দাসে জয়লাভ কৰে।
জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিদিশা নেওগক ৮৯,৪৩৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি ১,২৭,১৫১টা ভোটেৰে জয় নিশ্চিত কৰে। বিদিশা নেওগে ৩৭,৭১৭টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী দিপিকা দাসে ২,৫৪৬টা ভোট লাভ কৰে। ইফালে সমষ্টিটোত NOTA (None of the Above) য়ে ৩৪৪০ টা ভোট লাভ কৰে।
গুৱাহাটী কেন্দ্ৰত বিজেপিৰ বিজয় কুমাৰ গুপ্তাই ৬১,৯২১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। ৩৯,৩৭৬টা ভোট লাভ কৰা অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰীক পৰাস্ত কৰি গুপ্তাই ১,০১,২৯৭টা ভোট লাভ কৰে।
আন আন প্ৰাৰ্থীৰ ভিতৰত আম আদমি পাৰ্টিৰ অনুৰূপ ডেকাৰজাই ১৯৩৯টা ভোট লাভ কৰাৰ বিপৰীতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অবিজিত মজুমদাৰে ১০৬১টা ভোট লাভ কৰে।
নিৰ্দলীয় প্ৰাৰ্থী অচ্যুত কলিতা আৰু প্ৰবীণ জ্যোতি কলিতাই ক্ৰমে ৫৩৫ আৰু ৫০৯টা ভোট লাভ কৰাৰ বিপৰীতে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ বিপুল দেবনাথে ৪৭৯টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ১৮৯২ জন ভোটাৰে NOTA বাছনি কৰে।
দিছপুৰত বিজেপিৰ প্ৰদ্যুত বৰদলৈয়ে ১,০৩,৩৩৭টা ভোটেৰে জয়লাভ কৰি আইএনচিৰ মীৰা বৰঠাকুৰ গোস্বামীক ৪৯,৬৬৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে। ৫৩,৬৭০ টা ভোট লাভ কৰে মীৰা বৰঠাকুৰ গোস্বামীয়ে। নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে ২২,৮০২ টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ বল্লৱ পাত্ৰই ১,৩২৩ টা ভোট লাভ কৰে। আন এজন নিৰ্দলীয় প্ৰাৰ্থী আয়ুষ কুমাৰ সিঙে লাভ কৰে ৮১৭টা ভোট। সমষ্টিটোত ২৯৪১টা নোটা ভোট লাভ কৰে।
নতুন গুৱাহাটীত দীপ্লু ৰঞ্জন শৰ্মাই নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক ৪৭,৬৬৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় নিশ্চিত কৰে। শৰ্মাই ৮৯,৬৩৬টা ভোট লাভ কৰাৰ বিপৰীতে আইএনচিৰ প্ৰাৰ্থী সান্তনু বৰাই ৪১,৯৬৮টা ভোট লাভ কৰে। আন আন প্ৰাৰ্থীৰ ভিতৰত আছে ১৭৯১টা ভোট লাভ কৰা আপৰ আদিত্য গগৈ, ১৬৮০টা ভোট লাভ কৰি নিৰ্দলীয় প্ৰাৰ্থী কুশল কুমাৰ শৰ্মা আৰু ১১১৫টা ভোট লাভ কৰা গণ সুৰক্ষা পাৰ্টিৰ চিন্ময়ী ভূঞা বৰদলৈ। সমষ্টিটোত মুঠ ৩৫৭৪ জন ভোটাৰে NOTA ৰ পথ বাছি লৈছিল।
ডিমৰীয়াত অগপৰ ড০ তপন দাসে ১,১৬,০৫৮টা ভোট লাভ কৰি বিজয় লাভ কৰে। ৫০,৬৭৩টা ভোট লাভ কৰা আইএনচিৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাক ৬৫,৩৮৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আন আন প্ৰাৰ্থীৰ ভিতৰত নিৰ্দলীয় প্ৰাৰ্থী কাবেৰী দাস তেৰণে ৫৮৫৩টা ভোট লাভ কৰাৰ বিপৰীতে নিতুল দাস আৰু ভাস্কৰ জ্যোতি পাঠকে ক্ৰমে ১৮৬৫ আৰু ১৫৯৩টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ৩,৩০৬ জন ভোটাৰে NOTA বাছনি কৰে।
অধিক পঢ়ক - বংগই ‘ভয়ৰ ছাঁ’ৰ পৰা নিজকে মুক্ত কৰাৰ সিদ্ধান্ত ল’লে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী