

গুৱাহাটীঃ দেওবাৰৰ পুৱা এক হৃদয় বিদাৰক পথ দুৰ্ঘটনাত মহানগৰীত মৃত্যু হয় তিনি যুৱতীৰ। পুৱা প্ৰায় ৩.৪০ বজাত এ এছ ০১ জি পি ০৫৬২ পঞ্জীয়ন নম্বৰৰ চুজুকি চুইফট গাড়ীখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায়।
আন এক দুৰ্ঘটনাত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুত তীব্ৰবেগী গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত ৫জন আহত হয়। এ এছ ০১ বি জে ২১৫৫ নম্বৰৰ এখন ফক্সৱেগেন প’লো গাড়ীৰ সৈতে জড়িত এই দুৰ্ঘটনাটোও দেওবাৰৰ পুৱাতে সংঘটিত হয়।
প্ৰথমটো ঘটনাত গীতনগৰ ফালৰ পৰা তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত চিমেণ্ট নমাই তাতেই ৰৈ থকা টাটা ৪০৭ (পঞ্জীয়ন নম্বৰ এ এছ ০১ এফ চি ৪৯০৮) নামৰ এখন ট্ৰাকত খুন্দা মাৰে।
যুৱতী কেইগৰাকী ক্ৰমে চৰাইদেউ জিলাৰ সাপেখাটিৰ আকাংক্ষা শইকীয়া, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পূজা সাহা আৰু বঙাইগাঁৱৰ নোয়াপাৰাৰ অৰ্মিনা আহমেদ বুলি জানিব পৰা গৈছে। প্ৰথম দুগৰাকী ভুক্তভোগী ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ নামভৰ্তি বিভাগত কৰ্মৰত হোৱাৰ বিপৰীতে তৃতীয়জন অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ বি টেক ছাত্ৰ। গাড়ীখনৰ চালকজন আগৰতলাৰ ছামিম আহমেদ বৰ্তমান গুৱাহাটীৰ জয়ানগৰৰ বাসিন্দা।
যান-বাহন আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, এই সংঘৰ্ষৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে, আৰু উদ্ধাৰকাৰী দলে এক্সকেভেটৰ ব্যৱহাৰ কৰি এটা মৃতদেহ ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিবলগীয়া হয়। ইয়াৰে দুগৰাকী মহিলাক ঘটনাস্থলীতে মৃত ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত তৃতীয়গৰাকীক ততাতৈয়াকৈ গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু পিছত তেওঁৰ আঘাতত মৃত্যু হয়।
ডিচিপি (ট্ৰেফিক) জয়ন্ত সাৰথি বৰাই কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে নূনমাটি যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওজন লোকক ধ্বংসপ্ৰাপ্ত গাড়ীৰ ভিতৰত উদ্ধাৰ কৰে। ইতিমধ্যে দুজনৰ থিতাতে মৃত্যু হৈছিল, তৃতীয়জনৰ জিএমচিএইচত মৃত্যু হৈছিল।’ কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়। তেওঁৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে।
আনহাতে, প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে ধেমাজিৰ এজন বাসিন্দাৰ নামত পঞ্জীয়নভুক্ত গাড়ীখন ট্ৰেভেল এজেন্সীক ভাড়াত দিয়া হৈছিল। আৰক্ষী বিষয়া মত অনুসৰি, ‘আমাৰ বৰ্তমান উদ্দেশ্য হৈছে চালকজনক বিচাৰি উলিওৱা।আমি ট্ৰেভেল এজেন্সীৰ সৈতে জড়িতসকলৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তেওঁলোকৰ ফোন বৰ্তমান বন্ধ হৈ আছে।
আৰক্ষীয়ে দুৰ্ঘটনাটোত জড়িত ট্ৰাকখন জব্দ কৰি চলি থকা তদন্তৰ অংশ হিচাপে ইয়াৰ মালিকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা চলাইছে।