

গুৱাহাটী: অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীসকলৰ বাবে এক দুখজনক খৱৰ বিয়পি পৰিছে। গুৱাহাটীৰ পৰা থাইলেণ্ডৰ বেংককলৈ চলি থকা একমাত্ৰ প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ২০২৬ চনৰ ২৯ এপ্ৰিলৰ পৰা স্থগিত কৰা হৈছে। থাই এয়াৰ এছিয়াই বিগত কেইবাবছৰ ধৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBIA)ৰ পৰা বেংককৰ ডন মুয়েং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (DMK)লৈ এই প্ৰত্যক্ষ বিমান সেৱা চলাই আহিছিল।
এই একমাত্ৰ প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হোৱাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ পৰা এতিয়া কোনো সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থল অৱশিষ্ট নাই। ইয়াৰ আগতে গুৱাহাটী–কুৱালালামপুৰ (মালয়েছিয়া) পথতো প্ৰত্যক্ষ বিমান চলিছিল, যি ২০২৫ চনৰ আৰম্ভণিতে বন্ধ কৰা হৈছিল আৰু এতিয়ালৈ আৰম্ভ হোৱা নাই। তদুপৰি গুৱাহাটী–ঢাকা বিমান সেৱাও আগতে চলিছিল, কিন্তু সেয়াও পৰৱৰ্তী সময়ত বন্ধ হৈ যায়।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এতিয়া নামটোৰ সৈতে সঁচাকৈ মিল নাথাকাৰ দৰে পৰিস্থিতি দেখা গৈছে, কাৰণ ভুটানৰ ড্ৰুকএয়াৰ (Drukair)ৰ বিমানসমূহৰ বাহিৰে এই বিমানবন্দৰৰ পৰা এতিয়া কোনো প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলি থকা নাই। বৰ্তমান কেৱল ড্ৰুকএয়াৰেহে পাৰোৰ পৰা গুৱাহাটী হৈ বেংককলৈ আৰু পাৰোৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰলৈ বিমান চলাই আছে।
তথাপি এই পথসমূহত ড্ৰুকএয়াৰৰ বিমানভাড়া তুলনামূলকভাৱে অধিক হোৱাৰ বাবে মধ্যবিত্ত যাত্ৰীসকলৰ বাবে এই সেৱা বহন কৰা কঠিন হৈ পৰিছে।
উল্লেখযোগ্য যে থাই এয়াৰএছিয়াই কেৱল গুৱাহাটী–বেংকক বিমান সেৱাই নহয়, দেশখনৰ ভিতৰতে আৰু কিছুমান ৰুটতো বিমান চলাচল স্থগিত ৰাখিছে। এই বিমান সংস্থাটোৱে কয় যে সাম্প্ৰতিক সময়ত বিমান ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ ফলতেই এই ৰুটসমূহত বিমান সেৱা স্থগিত কৰিবলগীয়া হৈছে।
বিমান সেৱা স্থগিতকৰণ সম্পৰ্কে থাই এয়াৰ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ফাইৰাট প’ৰ্ণপাথানানাংগুনে কয়, “আমি দীঘলীয়া সময় ধৰি চলি থকা বিমান ইন্ধনৰ মূল্য বৃদ্ধিৰ সৈতে খাপ খুৱাবলৈ আৰু আমাৰ খৰচসমূহ দক্ষতাৰে পৰিচালনা কৰিবলৈ সদায় যথাসম্ভৱ চেষ্টা কৰি আহিছোঁ, লগতে পৰম্পৰাগত মধ্যবছৰীয়া ভ্ৰমণৰ মন্দাৱস্থাকো বিবেচনাত কৰিছো। আমাৰ ঘৰুৱা নেটৱৰ্কৰ ক্ষেত্ৰত আমাৰ অগ্ৰাধিকাৰ সদায় স্থিৰ—আমি সাৱধানে পৰিচালনা কৰি আছো যাতে ভ্ৰমণৰ চাহিদা পূৰণ কৰিব পৰা যায়, আৰু একে সময়তে ভাড়াও বাস্তৱ খৰচৰ সৈতে মিল ৰাখি যাত্ৰীসকলৰ বাবে যুক্তিসংগত হৈ থাকে।
বিমান ইন্ধনেই আমাৰ মুখ্য অপাৰেটিং ব্যয় গঠন কৰে, আৰু সাম্প্ৰতিক সময়ত জেট ফুৱেলৰ দাম তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। সেইবাবে আমি আমাৰ অপাৰেটিং পৰিকল্পনাসমূহ কঠোৰভাৱে অপ্টিমাইজ কৰিবলগীয়া হৈছে—ফলত কিছুমান ৰুটত বিমান চলাচলৰ সংখ্যা কমোৱা হৈছে আৰু কিছু অকাৰ্যকৰ ৰুট সাময়িকভাৱে স্থগিত কৰা হৈছে।
আমাৰ ঘৰুৱা নেটৱৰ্কৰ ক্ষেত্ৰত, মে’ আৰু জুন মাহত সুৱৰ্ণভূমি বিমানবন্দৰত আমাৰ ফ্লাইট সময়সূচী সংকুচিত কৰা হৈছে, আৰু কেৱল সুৱৰ্ণভূমিৰ পৰা চিয়াং মাই আৰু ফুকেটলৈ প্ৰত্যক্ষ সেৱা বজাই ৰখা হৈছে। আনহাতে ডন মুয়েং বিমানবন্দৰত আমি সকলো গন্তব্যস্থান সামৰি সম্পূৰ্ণ নেটৱৰ্ক চলাই থাকিম, আৰু যাত্ৰী চাহিদাৰ সৈতে মিল ৰাখি ফ্লাইটৰ সংখ্যাও কৌশলগতভাৱে সমন্বয় কৰা হ’ব,” বুলি ফাইৰাটে ব্যক্ত কৰে।
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বিমান সংস্থাটোৱে উচ্চ অপাৰেটিং খৰচৰ বাবে মূলতঃ ভাৰতীয় ৰুটসমূহত কিছুমান বিমান সেৱা সাময়িকভাৱে স্থগিত আৰু কিছুমানত ফ্ৰিকুৱেন্সি হ্ৰাস কৰিছে, কাৰণ বৰ্তমান এই খৰচে টিকিটৰ মূল্য স্থিৰ, প্ৰতিযোগিতামূলক আৰু টেকসইভাৱে নিৰ্ধাৰণ কৰাত বাধা সৃষ্টি কৰিছে। আনহাতে চীন, পূব এছিয়া আৰু আসিয়ান (ASEAN)ৰ দৰে গুৰুত্বপূর্ণ বজাৰত বিমান সেৱা তুলনামূলকভাৱে স্থিৰ হৈ আছে। বিমান সংস্থাটোৱে এটা অত্যন্ত নমনীয় কৌশল বজাই ৰাখিছে আৰু বিশ্ব পৰিস্থিতি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছে। যদি ইন্ধনৰ দাম স্থিৰ হয় আৰু ভ্ৰমণ চাহিদা বৃদ্ধি পায়, তেন্তে থাই এয়াৰএছিয়াই পুনৰ দ্ৰুতগতিত বিমান সেৱা আৰম্ভ কৰি নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।
গুৱাহাটী–বেংকক বিমান সেৱা স্থগিতকৰণ সম্পৰ্কত থাই এয়াৰএছিয়াৰ বিষয়া সকলে জনাইছে যে এই স্থগিতাদেশ ২০২৬ চনৰ ২৯ এপ্ৰিলৰ পৰা ২৪ অক্টোবৰলৈ কাৰ্যকৰী হ’ব। অৱশ্যে এই বিমান সেৱা পুনৰ আৰম্ভ হ’ব নে নহয়, সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২০ ডিচেম্বৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(LGBIA)ৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিছিল। এতিয়া এই নতুন টাৰ্মিনেলৰ পৰা বিমান সেৱাও আৰম্ভ হৈছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে “Act East Policy”ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি অহাৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটীৰ পৰা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ—বিশেষকৈ ওচৰৰ দেশসমূহলৈ—পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ দিশত অধিক জোৰ দিয়া প্ৰয়োজন বুলি ধাৰণা কৰা হৈছে, যাতে উত্তৰ-পূৰ্বাঞ্চলত বাণিজ্য আৰু পৰ্যটন অধিক বিকশিত হ’ব পাৰে।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পৰা বেংককসহ দক্ষিণ-পূব এছিয়াৰ অন্যান্য গন্তব্যস্থানলৈ যোৱা যাত্ৰীসকল এতিয়া কলিকতাৰ পৰা বিমান সেৱা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।