চলিত বছৰত চাহ উৎপাদনত ব্যাপক ভাৱে হ্ৰাস পাইছে অসমত

২০২৬ চনৰ মাৰ্চ মাহত অসমত চাহ উৎপাদনত ব্যাপক ভাৱে হ্ৰাস হোৱা দেখা গৈছে। Tea Board India-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ মাৰ্চত অসমত ১৭.৩৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হয়।
চলিত বছৰত চাহ উৎপাদনত ব্যাপক ভাৱে হ্ৰাস পাইছে অসমত
Published on

গুৱাহাটী: ২০২৬ চনৰ মাৰ্চ মাহত অসমত চাহ উৎপাদনত ব্যাপক ভাৱে হ্ৰাস হোৱা দেখা গৈছে। Tea Board India-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ মাৰ্চত অসমত ১৭.৩৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হয়, যিটো ২০২৫ চনৰ একে সময়ৰ ২৮.৬১ মিলিয়ন কিলোগ্ৰামৰ তুলনাত ১১.২৩ মিলিয়ন কিলোগ্ৰাম কম।

২০২৬ চনৰ মাৰ্চ মাহত ৰাজ্যখনৰ ডাঙৰ চাহ বাগিচাই ৭.২১ মিলিয়ন কিলোগ্ৰাম আৰু ক্ষুদ্ৰ চাহ খেতিয়কে ১০.১৭ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে। আনহাতে, ২০২৫ চনৰ মাৰ্চ মাহত ডাঙৰ উৎপাদকসকলে ১০.০৭ মিলিয়ন কিলোগ্ৰাম আৰু ক্ষুদ্ৰ উৎপাদকসকলে ১৮.৫৪ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰিছিল।

Tea Board India-ৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, সমগ্ৰ দেশতে ২০২৬ চনৰ মাৰ্চ মাহত ৬৬.৮৬ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হয়, যিটো ২০২৫ চনৰ ৬৭.৮৫ মিলিয়ন কিলোগ্ৰামৰ তুলনাত সামান্য কম।

এই বছৰৰ মাৰ্চ মাহত দেশত উৎপাদিত ৬৬.৮৬ মিলিয়ন কিলোগ্ৰাম চাহৰ ভিতৰত ৬০.৩৩ মিলিয়ন কিলোগ্ৰাম আছিল CTC চাহ, ৫.৫৯ মিলিয়ন কিলোগ্ৰাম Orthodox চাহ আৰু ০.৯৪ মিলিয়ন কিলোগ্ৰাম Green Tea।

চাহ উদ্যোগী সকলৰ মতে, ৰাজ্যখনত চাহ উৎপাদনৰ এই পতন জলবায়ু পৰিৱর্তনৰ প্ৰত্যক্ষ প্ৰভাৱ। সাধাৰণতে এই সময়ছোৱাই চাহ উৎপাদনৰ মূল ঋতু হিচাপে গণ্য কৰা হয়।

অধিক পঢ়ক - অসমত Counter-Radicalisation Cell গঠন, সীমান্ত বেৰা নিৰ্মাণ জোৰদাৰ আৰু শান্তি-উন্নয়নৰ দৃষ্টিভংগী তুলে ধৰে, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com