জনসংখ্যা বৃদ্ধিৰ বাবে বৃহৎ ঘোষণা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

ৰাজ্যখনৰ মুঠ প্ৰজনন হাৰ (TFR) হ্ৰাস পোৱাৰ বাবে ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে তৃতীয় আৰু চতুৰ্থ সন্তানৰ বাবে আৰ্থিক সহায় ঘোষণা এক নতুন পদক্ষেপ গ্ৰহণ কৰে।
জনসংখ্যা বৃদ্ধিৰ বাবে বৃহৎ ঘোষণা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ
Published on

অমৰাৱতী: ৰাজ্যখনৰ মুঠ প্ৰজনন হাৰ (TFR) হ্ৰাস পোৱাৰ বাবে ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে তৃতীয় আৰু চতুৰ্থ সন্তানৰ বাবে আৰ্থিক সহায় ঘোষণা এক নতুন পদক্ষেপ গ্ৰহণ কৰে।

শ্ৰীকাকুলম জিলাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে তৃতীয় সন্তানৰ বাবে চৰকাৰে ৩০ হাজাৰ টকা আৰু চতুৰ্থ সন্তানৰ বাবে ৪০ হাজাৰ টকা আৰ্থিক সহায় আগবঢ়াব।

১৯৯৫ৰ পৰা ২০০৪ চনলৈ একত্ৰিত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ দৃঢ় সমৰ্থক হিচাপে পৰিচিত এই জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে এতিয়া বিশ্বাস কৰে যে জনসংখ্যা বোজা নহয়, বৰং এক সম্পদ।

কৰ্তৃপক্ষৰ মতে, “দ্বিতীয় সন্তানৰ পাছৰ” এই প্ৰণোদনা ফ্ৰান্স আৰু হাংগেৰীত ৰূপায়িত নীতিৰ সৈতে সাদৃশ্যপূর্ণ, যাৰ লক্ষ্য হৈছে ভৱিষ্যতৰ জনসংখ্যাগত সংকট ৰোধ কৰা।

জন্মহাৰ হ্ৰাস পোৱাৰ ফলত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে। চন্দ্ৰবাবু নাইডুৰ মতে, সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু জটিল হ’ব।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰিসংখ্যাই দেখুৱাইছে যে অন্ধ্ৰ প্ৰদেশ ভাৰতৰ তুলনাত অধিক দ্ৰুতগতিত বৃদ্ধ জনসংখ্যাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ মধ্যম বয়স ৩২.৫ বছৰ, য’ত দেশৰ গড় হৈছে ২৮.৪ বছৰ।

স্বাস্থ্য বিভাগৰ বিষয়াসকলে জনোৱা মতে, ২০৪০ চনলৈকে অন্ধ্ৰ প্ৰদেশৰ “ডেম’গ্ৰাফিক উইণ্ড’” খোলা আছে। তাৰ পাছত ৰাজ্যখনত নিৰ্ভৰশীল বৃদ্ধ জনসংখ্যাৰ অনুপাত অত্যধিক বৃদ্ধি পাব পাৰে।

অন্ধ্ৰ প্ৰদেশৰ প্ৰজনন হাৰ (TFR) ১৯৯৩ চনৰ ৩.০ৰ পৰা হ্ৰাস পাই এতিয়া ১.৫ত উপনীত হৈছে। বৰ্তমানৰ এই TFR ২.১ৰ প্ৰতিস্থাপন স্তৰৰ বহু তলত থকাৰ ফলত অন্ধ্ৰ প্ৰদেশ উন্নত দেশসমূহৰ দৰে জনসংখ্যাগত সংকটৰ দিশে আগবাঢ়িছে বুলি বিষয়াসকলে মত প্ৰকাশ কৰিছে।

২০২৪ চনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰাই চন্দ্ৰবাবু নাইডুৱে TFR ২.১লৈ উন্নীত কৰাৰ বাবে জনসংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এই হাৰক জনসংখ্যাগত সমতা বজাই ৰাখিবলৈ আদৰ্শ বুলি ধৰা হয়।

প্ৰথম পদক্ষেপ হিচাপে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে “দুই সন্তান নীতি” বাতিল কৰে। এই নিয়ম অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিসকল স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল।

মাৰ্চ মাহত তেওঁ “Population Management Policy” উন্মোচন কৰে, যাক দেশৰ ভিতৰত প্ৰথম ধৰণৰ নীতি বুলি দাবী কৰা হৈছে। তেওঁৰ বিশ্বাস, এই নীতিয়ে ৰাজ্যখনৰ জনসংখ্যা যথেষ্ট বৃদ্ধি কৰিব।

জন্মহাৰ হ্ৰাসৰ সমস্যা সমাধানৰ বাবে তেওঁ বিভিন্ন পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে তৃতীয় সন্তানৰ বাবে পাঁচ বছৰৰ বাবে প্ৰতিমাহে ১,০০০ টকাৰ পুষ্টি সহায় আৰু ১৮ বছৰ বয়সলৈ বিনামূলীয়া শিক্ষা।

মুখ্যমন্ত্ৰীয়ে ৰাজ্য বিধানসভাত অধিক সন্তান জন্মদান উৎসাহিত কৰাৰ কথা উল্লেখ কৰিছিল। চৰকাৰে মাতৃত্বকালীন ১২ মাহৰ ছুটি আৰু পিতৃত্বকালীন দুমাহৰ ছুটি প্ৰদানৰ পৰিকল্পনাও কৰিছে।

“Population Management Policy” নথিখন অনলাইনত উপলব্ধ কৰা হৈছে আৰু প্ৰতিটো সমষ্টিৰ জনপ্ৰতিনিধিক এই বিষয়ত একমাহ ধৰি জনসাধাৰণৰ মাজত আলোচনা চলাবলৈ পৰামৰ্শ দিয়া হৈছে।

চন্দ্ৰবাবু নাইডুৱে লগতে ঘোষণা কৰে যে এক বছৰৰ পাছত ফলাফল মূল্যায়ন কৰি চৰকাৰে এই নীতিত প্ৰয়োজনীয় সংশোধন আনিব।

মুখ্যমন্ত্ৰীৰ মতে, হ্ৰাস পোৱা TFR-এ কম বয়সীয়া কৰ্মক্ষম জনসংখ্যা হ্ৰাস কৰি অৰ্থনৈতিক বৃদ্ধিৰ বাবে এক বিপদৰ সৃষ্টি কৰিছে। তেওঁ সতৰ্ক কৰি দিয়ে যে জাপান, দক্ষিণ কোৰিয়া আৰু ইটালীৰ দৰে অন্ধ্ৰ প্ৰদেশতো বৃদ্ধ জনসংখ্যাৰ সমস্যা দেখা দিব পাৰে।

তেওঁ ২০২৩ চনৰ এক প্ৰতিবেদন উদ্ধৃত কৰি কয় যে ৰাজ্যখনত বছৰি প্ৰায় ৬.৭০ লাখ শিশুৰ জন্ম হয়। যদি একেই ধাৰা অব্যাহত থাকে, তেন্তে ২০৪৭ চনলৈ বৃদ্ধ জনসংখ্যাৰ অনুপাত ২৩ শতাংশলৈ বৃদ্ধি পাব পাৰে।

তেওঁ সতৰ্কবাণী দিয়ে যে TFR আৰু হ্ৰাস পালে কৰ্মক্ষম জনশক্তি কমি যাব আৰু তাৰ ফলত অৰ্থনৈতিক বৃদ্ধিৰ গতি মন্থৰ হ’ব।

এখন বৈঠকত স্বাস্থ্য, চিকিৎসা আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব সৌৰভ গৌৰে কয়, “উন্নত দেশসমূহে সন্মুখীন হোৱা একেই সমস্যাৰ সন্মুখীন আমি এতিয়া হৈ আছোঁ— অৰ্থাৎ অকৰ্মক্ষম বয়সৰ জনসংখ্যা বৃদ্ধি। এতিয়া আমাৰ লক্ষ্য পৰিয়ালসমূহক সন্তান জন্মদানৰ বাবে সক্ষম আৰু উৎসাহিত কৰাৰ দিশে হ’ব লাগিব।”

জনসংখ্যা ব্যৱস্থাপনা নীতিৰ অধীনত চৰকাৰে পাঁচটা পৰ্যায়ৰ জীৱনচক্ৰ পদ্ধতি প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। এইসমূহ হৈছে— মাতৃত্ব (Matrutva), শক্তি (Shakti), কল্যাণ (Kshema), দক্ষতা (Naipunyam) আৰু দীৰ্ঘায়ু (Sanjeevani)।

গৰ্ভধাৰণৰ পৰা বৃদ্ধাৱস্থালৈ জীৱনৰ প্ৰতিটো পৰ্যায়ত চৰকাৰী সহায় আগবঢ়োৱাৰ আশ্বাস দিছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কৈছিল, “যিসকল নিঃসন্তান আৰু বন্ধ্যাত্ব সমস্যাত ভুগি আছে, তেওঁলোকক আমি সহায় কৰিম। PPP মডেলৰ অধীনত চৰকাৰী চিকিৎসালয়ত IVF সেৱা উপলব্ধ কৰাৰ লগতে এক উৎকৃষ্ট মাতৃত্ব কেন্দ্ৰ (Maternity Centre of Excellence) স্থাপন কৰা হ’ব।”

সম্প্ৰতি স্বাস্থ্য বিভাগে প্ৰজনন চিকিৎসাৰ উৎকৃষ্ট কেন্দ্ৰ হিচাপে “ফাৰ্টিলিটি কলেজ” স্থাপনৰ পৰিকল্পনা উপস্থাপন কৰিছে। চৰকাৰী খণ্ডৰ এই প্ৰথম ধৰণৰ পদক্ষেপৰ জৰিয়তে বিশেষজ্ঞ প্ৰশিক্ষণ দিয়াৰ লগতে বন্ধ্যাত্ব সমস্যাত ভোগা দম্পতীক চৰকাৰী সহায়ত IVF চিকিৎসা প্ৰদান কৰা হ’ব। জনসংখ্যা স্থায়িত্ব বজাই ৰখাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

চৰকাৰে ছিজেৰিয়ান ডেলিভাৰী হ্ৰাস কৰাৰ দিশতো পদক্ষেপ গ্ৰহণ কৰিব। লগতে বৰ্তমান ৮.৮ শতাংশ থকা কিশোৰী গৰ্ভধাৰণৰ হাৰ ৩ শতাংশতকৈ কমলৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

‘স্বৰ্ণ অন্ধ্ৰ ভিজন ২০৪৭’ৰ অধীনত “পদি সূত্ৰালু” (১০টা মূল সূত্ৰ)-ৰ তৃতীয় সূত্ৰ হিচাপে জনসংখ্যা ব্যৱস্থাপনা আৰু মানৱ সম্পদ উন্নয়নক অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণৰ ধাৰণাৰ পৰা জনসংখ্যা স্থায়িত্বৰ দিশে চৰকাৰৰ নীতি পৰিৱর্তনৰ প্ৰতিফলন দেখা গৈছে। (IANS)

অধিক পঢ়ক - ২০১৬ৰ পৰা অসমত ৰাজহুৱা খণ্ডত বৃহৎ পৰিৱর্তন: ১০টা নতুন ৰাজ্যিক উদ্যোগ গঠন, ৪টা পুৰণি সংস্থা বন্ধ বা অকাৰ্যকৰী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com