

কোকৰাঝাৰ: কোকৰাঝাৰৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ড° পি. উদয় প্ৰবীণে জিলা আয়ুক্তৰ সভাকক্ষত সংবাদমেল আয়োজন কৰি অসম বিধানসভাৰ ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কে সাংবাদিকসকলক অৱগত কৰে।
তেওঁ জনায় যে ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব, প্ৰথমে ডাকযোগে আহা ভোট গণনা হ’ব আৰু তাৰ পিছত ইভিএম ভোট গণনা আৰম্ভ কৰা হ’ব। তেওঁ কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণ, স্বচ্ছ আৰু সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মুঠ প্ৰায় ৫০০ জন কৰ্মচাৰী, যাৰ ভিতৰত পৰ্যবেক্ষক, গণনা এজেন্ট আৰু মাইক্ৰ’-অবজাৰ্ভাৰ গণনা প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে।
তেওঁ লগতে কয় যে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পাঁচজন গণনা পৰ্যবেক্ষক কোকৰাঝাৰত উপস্থিত হৈ চাৰ্কিট হাউছত অৱস্থান কৰিছে। তেওঁলোক হৈছে—
০১-গোছাইগাঁও: কৃষ্ণ কুমাৰ সিং
০২-দতমা (জনজাতীয়): ৰামজি মিশ্ৰ
০৩-কোকৰাঝাৰ (জনজাতীয়): পৰদেশী সিদ্ধাৰ্থ কমল
০৪-বাওখুংগ্ৰী: দয়া কিশন শৰ্মা
০৫-পৰ্বতঝোৰা: সৌৰভ কুমাৰ সিনহা
গণনা ব্যৱস্থাৰ বিৱৰণ দি তেওঁ কয় যে—
০১-গোছাইগাঁও সমষ্টিত ১১টা ৰাউণ্ড গণনা হ’ব
০২-দতমা (জনজাতীয়) সমষ্টিত ১৩টা ৰাউণ্ড গণনা হ’ব
০৩-কোকৰাঝাৰ (জনজাতীয়) সমষ্টিত ১৪টা ৰাউণ্ড গণনা হ’ব
০৪-বাওখুংগ্ৰী সমষ্টিত ১৬টা ৰাউণ্ড গণনা হ’ব
০৫-পৰ্বতঝোৰা সমষ্টিত ১৭টা ৰাউণ্ড গণনা হ’ব
নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে তেওঁ জনায় যে ভোটগণনাৰ সময়ত আইন-শৃংখলা বজাই ৰাখিবলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ধাৰা ১৬৩ জাৰি কৰা হৈছে। গণনা কেন্দ্ৰৰ ১০০ মিটাৰ ভিতৰত সমাবেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, কেৱল বৈধ পৰিচয়পত্ৰধাৰী লোকসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব, লগতে মোবাইল ফোন আৰু ইলেক্ট্ৰনিক সামগ্ৰী প্ৰৱেশত সীমাবদ্ধতা থাকিব।
ড° পি. উদয় প্ৰবীণে কয় যে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু ভোটগণনা শান্তিপূৰ্ণ, মুক্ত, ন্যায়সংগত আৰু নিৰাপদভাৱে সম্পন্ন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আৰু সকলোৰে সহযোগিতা কামনা কৰিছে।
শিলচৰ: ভোটগণনা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে কাছাৰ জিলা প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্বাচনী হিংসা আৰু দুষ্কৃতিকাৰীয়ে প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
বৰ্তমান পৰিস্থিতি আৰু জনসুৰক্ষা বজাই ৰখাৰ প্ৰয়োজনীয়তা বিবেচনা কৰি জিলা দণ্ডাধীশ আয়ুষ গৰ্গে এখন আদেশ জাৰি কৰি লাঠি, লেন্স, ভালা, দাও, দণ্ড আদি সকলো ধৰণৰ অস্ত্ৰ বহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। লগতে ফটকা, বিস্ফোৰক বা শব্দ বা ৰাসায়নিক প্ৰভাৱ সৃষ্টি কৰিব পৰা যিকোনো সামগ্ৰীৰ বিক্ৰী, ক্ৰয় বা ব্যৱহাৰতো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইয়াৰ লগতে টয় গান, টয় পিষ্টল আৰু সেই ধৰণৰ নকল অস্ত্ৰও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ফলাফল ঘোষণাৰ পিছত সম্ভাৱ্য উত্তেজনা ৰোধ কৰিবলৈ সকলো ধৰণৰ বিজয় উদযাপনো নিষিদ্ধ কৰা হৈছে।
কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা সমৰ্থক গোটক কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ ভিতৰত বিজয় শোভাযাত্ৰা, জনসমাৱেশ বা উদযাপন অনুষ্ঠান আয়োজন কৰিবলৈ অনুমতি দিয়া নহ’ব।
এই আদেশ জৰুৰী আৰু সংবেদনশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একপক্ষীয়ভাৱে (ex parte) জাৰি কৰা হৈছে আৰু জনসাধাৰণৰ সকলোকে কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।
জাগীৰোড: ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু সুচাৰুভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ধাৰা ১৬৩ অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে।
জিলা দণ্ডাধীশে জাৰি কৰা আদেশ অনুসৰি, এই নিষেধাজ্ঞা প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে যাতে আইন-শৃংখলাৰ ভঙ্গ, জনশান্তিৰ বিঘ্ন, গণসমাৱেশ, বিজয় শোভাযাত্ৰা আৰু ভোটগণনাৰ সময়ত বা পিছত শব্দ প্ৰদূষণ আদি ৰোধ কৰিব পৰা যায়।
আদেশ অনুসৰি, গণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ শোভাযাত্ৰা বা শ্লোগান দিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই আদেশ তৎক্ষণাত কাৰ্যকৰী কৰা হৈছে আৰু ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বলবৎ থাকিব।
আদেশ অমান্য কৰিলে সংশ্লিষ্ট আইনী বিধান অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে।
তেজপুৰ: ভোটগণনা কেন্দ্ৰ হিচাপে নিৰ্ধাৰিত Darrang College-ত শান্তিপূৰ্ণভাৱে ভোটগণনা সম্পন্ন কৰাৰ উদ্দেশ্যে Sonitpur district জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে।
এই নিষেধাজ্ঞা ভোটগণনা দিনটোত অৰ্থাৎ ২০২৬ চনৰ ৪ মে’ৰ পুৱা ০০:০০ বজাৰ পৰা নিশা ২৩:৫৯ বজালৈ বা ভোটগণনা সম্পূৰ্ণ হৈ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত বলবৎ থাকিব।
জনশৃংখলা বজাই ৰাখিবলৈ আৰু যানজট ৰোধ কৰিবলৈ মহাভৈৰৱ–পাৰোৱা চাৰিআলি পথৰ মাধৱভৈৰৱ তিনিআলি (টিলোত্তমা ভৱনৰ সন্মুখ)ৰ পৰা iON Digital Zone, ৰাবাৰ বাগান তিনিআলি পৰ্যন্ত পথত দুয়োফালে বাহন ৰখা নিষিদ্ধ কৰা হৈছে। লগতে দৰং কলেজ পশ্চিম পথৰ পদ্মপতি ৰোড তিনিআলি পৰা কলেজিয়েট স্কুল তিনিআলি পৰ্যন্ত অংশত যানবাহন চলাচল সীমিত কৰা হৈছে।
দৰং কলেজ-ৰ মূল মুখ্য প্ৰৱেশদ্বাৰ কেৱল ৰিটাৰ্নিং অফিচাৰ (RO), সহকাৰী ৰিটাৰ্নিং অফিচাৰ (ARO) আৰু প্ৰাৰ্থীৰ বাহনৰ বাবে ব্যৱহাৰ কৰা হ’ব। ভোটগণনাৰ দায়িত্বত থকা কৰ্মচাৰীসকলে তেওঁলোকৰ বাহন তেজপুৰ কলেজিয়ে খেলপথাৰ-ত ৰাখিব লাগিব।
বিভিন্ন সমষ্টিৰ বাবে পৃথক প্ৰৱেশদ্বাৰো নিৰ্ধাৰণ কৰা হৈছে—
গেট-১ (Law College কাষ): তেজপুৰ আৰু নৌদুৱাৰ সমষ্টিৰ কৰ্মচাৰী আৰু ৰাজনৈতিক এজেন্ট
গেট-২ (Commerce Building পিছফাল): ঢেকিয়াজুলি, বৰছলা আৰু ৰঙাপাৰা সমষ্টিৰ কৰ্মচাৰী আৰু এজেন্ট
সমগ্ৰ নিয়ম কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু উলংঘন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
প্ৰশাসনে সকলো নাগৰিকৰ সহযোগিতা কামনা কৰি শান্তিপূৰ্ণ আৰু সুসংগঠিত ভোটগণনা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
ওৰাং: উডালগুৰি জিলা প্ৰশাসনে নিৰ্বাচন আয়োগে নিযুক্ত কৰা গণনা পৰ্যবেক্ষকৰ নিয়োগ সম্পৰ্কে এক ৰাজহুৱা জাননী জাৰি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে জিলা জুৰি ভোটগণনা প্ৰক্ৰিয়াটোত স্বচ্ছতা, দায়বদ্ধতা আৰু সুসঞ্চালন নিশ্চিত কৰা।
জিলা আয়ুক্ত কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি উডালগুৰি জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ বাবে পৰ্যবেক্ষক নিযুক্ত কৰা হৈছে— ৪৫-ভেৰগাঁও, ৪৬-ওদালগুৰি (জনজাতীয়), ৪৭-মাজবাট আৰু ৪৮-টংলা।
নিযুক্ত পৰ্যবেক্ষকসকল হৈছে—
ওদালগুৰি (জনজাতীয়): বিনীত নন্দনৱাৰ
ভেৰগাঁও: অজয় কুমাৰ ৰায়
মাজবাট: নাগাৰাজু এছ
টংলা: টেৰেছি ভানলালহ্ৰুআইই
প্ৰতিজন পৰ্যবেক্ষকক ভোটগণনা প্ৰক্ৰিয়াৰ ওপৰত কঠোৰ নজৰ ৰখাৰ দায়িত্ব দিয়া হৈছে, যাতে নিৰ্বাচনী নীতি-নিৰ্দেশনা আৰু নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলা হয়।
প্ৰশাসনে জনাইছে যে এই পৰ্যবেক্ষকসকল সোমবাৰে দিনটোত জনসাধাৰণ, প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ উপলব্ধ থাকিব।
অধিক পঢ়ক - ডুমডুমা জাতীয় বিদ্যালয়ত নিশা সংঘটিত অগ্নিকাণ্ডত ৯টা কোঠা সম্পূৰ্ণৰূপে ধ্বংস