

আগৰতলা: ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্তশাসিত জিলাপৰিষদ (TTAADC)ৰ নতুনকৈ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য ৰুনেইল দেৱবর্মাই টিপ্ৰা মোঠা পাৰ্টীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰক সমালোচনা কৰি কয় যে এনে অভিযোগৰ কোনো ভিত্তি নাই আৰু সাধাৰণতে এইবোৰ নিৰ্বাচনৰ সময়তহে উত্থাপিত হয়।
খুমুলুঙত গুৰুত্বপূৰ্ণ পদসমূহৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি দেৱবর্মাই কয় যে এই অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু যদি ৰাজ্য চৰকাৰে পৰিষদলৈ উল্লেখযোগ্য আৰ্থিক সহায় আগবঢ়াইছে বুলি দাবী কৰে, তেন্তে তাৰ প্ৰমাণ হিচাপে দস্তাবেজ প্ৰকাশ কৰিবলৈ তেওঁলোকক আহ্বান জনায়।
তেওঁ লগতে কয় যে অহা দিনা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব, তাৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰি কাম আৰম্ভ কৰিব। তেওঁৰ অগ্ৰাধিকাৰসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে খোৱাপানীৰ সুবিধা নিশ্চিত কৰা, লগতে শিক্ষা আৰু স্বাস্থ্য সেৱা শক্তিশালী কৰাটো তেওঁৰ প্ৰশাসনৰ আগশাৰীৰ লক্ষ্য হ’ব।
অধিক পঢ়ক - টুইটাৰ অংশীদাৰিত্ব প্ৰকাশত বিলম্বৰ অভিযোগত SEC গোচৰ নিষ্পত্তিৰ বাবে ১৫ লাখ ডলাৰ পৰিশোধ ইলন মাস্কৰ