নমাটি গাঁৱত মাহেকীয়া স্বাস্থ্য সচেতনতা শিবিৰ আৰু চেনিটাৰী পেড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

উন্নত ভাৰত অভিযান (Unnat Bharat Abhiyan) চেল, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত ২০২৬ চনৰ ৩০ এপ্ৰিলত নমাটি গাঁওত দত্তক গ্ৰহণ কৰা গাঁৱত মাহেকীয়া স্বাস্থ্য সচেতনতা আৰু চেনিটাৰী পেড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
নমাটি গাঁৱত মাহেকীয়া স্বাস্থ্য সচেতনতা শিবিৰ আৰু চেনিটাৰী পেড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত
Published on

নলবাৰী: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰীৰ Unnat Bharat Abhiyan Cell-এ IQAC, KBVS&AS বিশ্ববিদ্যালয়ৰ সহযোগত ২০২৬ চনৰ ৩০ এপ্ৰিলত দত্তক গ্ৰহণ কৰা নমাটি গাঁওত মাহেকীয়া স্বাস্থ্য সচেতনতা আৰু চেনিটাৰী পেড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল গাঁৱৰ মহিলাসকলক মাহেকীয়া স্বাস্থ্যবিধি, চেনিটাৰী পেডৰ ব্যৱহাৰ সম্পৰ্কে সজাগ কৰা আৰু কিশোৰীসকলক মাহেকীয়া প্ৰক্ৰিয়া বিষয়ে বৈজ্ঞানিকভাৱে বুজাই দিয়া।

কাৰ্যসূচীৰ বক্তা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° অৰ্চনা দেৱী, সহজ ভাষাত মাহেকীয়াৰ সৈতে জড়িত সামাজিক কুসংস্কাৰ আৰু পৰম্পৰাগত আচাৰ-অনুষ্ঠানসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ “Mestrupedia Comic”ক মাহেকীয়া, ইয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত বিষয় আৰু পুৰুষ-মহিলা উভয়ৰ বাবে মাহেকীয়া সচেতনতাৰ গুৰুত্ব বুজিবলৈ এক উপযোগী উৎস হিচাপে উল্লেখ কৰে।

অনুষ্ঠানটোত জনশক্তি বিকাশ মঞ্চ, পুষ্পকপুৰ, নলবাৰীৰ সাধাৰণ সম্পাদক হায়দৰ আলীৰ লগতে নমাটিৰ নুপুৰ স্ব-সহায়ক গোটৰ সভাপতি নন্দিতা দেৱী আৰু সম্পাদক অনামিকা দেৱী উপস্থিত আছিল। অংশগ্ৰহণকাৰীসকলৰ মাজত বিতৰণ কৰা চেনিটাৰী পেডসমূহ নুপুৰ স্ব-সহায়ক গোট, নমাটিৰ পৰা Unnat Bharat Cell-এ ক্ৰয় কৰিছিল।

নমাটি গাঁৱৰ গাঁও প্ৰধান চণ্ডী ৰাজবংশী আৰু বনলতা ৰাজবংশীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ IQAC-ৰ সহকাৰী সঞ্চালক ড° অৰ্পনা ৰামচিয়াৰী আৰু ড° চানু সিনহাৰ লগতে Unnat Bharat Cell-ৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত চেনিটাৰী পেড বিতৰণ কৰে।

মুঠ ১০০ গৰাকী অংশগ্ৰহণকাৰীয়ে অনুষ্ঠানটোত উপস্থিত থাকি চেনিটাৰী পেড গ্ৰহণ কৰে। UBA চেলৰ সমন্বয়ক ড° চয়নিকা ডেকাই অনুষ্ঠানটো সঞ্চালনা কৰে। অনুষ্ঠানটো UBA চেলৰ সহকাৰী সমন্বয়ক ড° কৃষ্ণ কলিতাই আগবঢ়োৱা ভাষণৰ সৈতে সামৰণি পৰে।

অধিক পঢ়ক - নাগ্ৰীজুলিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (KGBV)-এ এইবাৰ HSLC আৰু HS পৰীক্ষাত ১০০% উত্তীৰ্ণ ফলাফল

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com