পেহেলগাম আৰু ছিডনীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা; সন্ত্ৰাসবাদ দমনক অধিক গুৰুত্ব Quad-ৰ

Quadrilateral Security Dialogue (Quad) দেশসমূহে সন্ত্ৰাসবাদ দমনক তেওঁলোকৰ অংশীদাৰিত্বৰ এক মুখ্য বিষয় হিচাপে গুৰুত্ব দিছে।
পেহেলগাম আৰু ছিডনীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা; সন্ত্ৰাসবাদ দমনক অধিক গুৰুত্ব Quad-ৰ
Published on

নতুন দিল্লীঃ Quadrilateral Security Dialogue (Quad) দেশসমূহে সন্ত্ৰাসবাদ দমনক তেওঁলোকৰ অংশীদাৰিত্বৰ এক মুখ্য বিষয় হিচাপে গুৰুত্ব দিছে। বিশেষকৈ সীমান্তপাৰ উগ্ৰবাদ আৰু ইয়াক সমৰ্থন কৰা দেশসমূহৰ বিৰুদ্ধে কঠোৰ অবস্থান লোৱাৰ লগতে ইণ্ডো-পেচিফিক অঞ্চলত সামুদ্ৰিক নজৰদাৰী, ডিজিটেল আন্তঃগাঁথনি উন্নয়ন আৰু যোগান শৃংখলাৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়তো আলোচনা কৰা হয়।

এই সুৰক্ষা-কেন্দ্ৰিক কাৰ্যসূচী নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত ১১তম Quad বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত মুখ্যভাৱে প্ৰাধান্য পায়। বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ,, আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ',অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী Penny Wong আৰু জাপানৰ বৈদেশিক মন্ত্ৰী টোছিমিটছু মোটেগি উপস্থিত আছিল।

বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি বৈদেশিক মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নাগৰাজ নাইডুৱে কয় যে, Quad-এ অসমমিতিক সুৰক্ষা ভাবুকিৰ বিৰুদ্ধে এক যৌথ প্ৰতিৰক্ষা কাঠামো অধিক শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে।

তেওঁ কয় যে, সামুদ্ৰিক আৰু ডিজিটেল সংযোগ Quad-ৰ বাবে গুৰুত্বপূর্ণ বিষয় হৈ থাকিলেও আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা ভাবুকি নিয়ন্ত্ৰণ কৰাটো অংশীদাৰ দেশসমূহৰ এক মূল অগ্ৰাধিকাৰ।

নাইডুৱে লগতে কয়, “সন্ত্ৰাসবাদ দমন Quad সহযোগিতাৰ এক গুৰুত্বপূর্ণ স্তম্ভ। মন্ত্ৰীসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদ, বিশেষকৈ সীমান্তপাৰ সন্ত্ৰাসবাদৰ কঠোৰ নিন্দা কৰিছে। যৌথ বিবৃতিত ২০২৫ চনৰ এপ্ৰিল মাহত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰো নিন্দা জনোৱা হৈছে আৰু সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ আৰ্থিক পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়া হৈছে।”

সীমান্তপাৰ সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা ভাবুকিৰ বিৰুদ্ধে দৃঢ় আৰু একত্ৰিত অবস্থান গ্ৰহণ কৰি Quadrilateral Security Dialogue (Quad) দেশসমূহে মঙলবাৰে জম্মু-কাশ্মীৰ আৰু ছিডনীত সংঘটিত শেহতীয়া বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা জনায়। লগতে মুক্ত আৰু উন্মুক্ত ইণ্ডো-পেচিফিক অঞ্চল সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতিও পুনৰ ব্যক্ত কৰে।

ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ Quad বৈদেশিক মন্ত্ৰী বৈঠকৰ পিছত প্ৰকাশ কৰা এক যৌথ বিবৃতিত চাৰিখন দেশৰ এই মিত্ৰজোঁটে সকলো ধৰণৰ সন্ত্ৰাসবাদ, বিশেষকৈ সীমান্তপাৰ সন্ত্ৰাসবাদৰ “নিৰ্বিবাদে” নিন্দা কৰা বুলি স্পষ্ট কৰে।

এই সুৰক্ষা-সম্পৰ্কীয় ঘোষণাত অঞ্চলটোৰ সুৰক্ষা সংকটৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি ২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৫ চনৰ ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বণ্ডি বিচত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰা হয়।

যৌথ বিবৃতিত কোৱা হয়, “আমি সকলো ধৰণৰ আৰু সকলো ৰূপৰ সন্ত্ৰাসবাদৰ, বিশেষকৈ সীমান্তপাৰ সন্ত্ৰাসবাদৰ, লগতে ২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰতৰ পহেলগামত আৰু ২০২৫ চনৰ ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বণ্ডি বিচত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰ্বিবাদে নিন্দা কৰিছো। আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিশ্বব্যাপী নিষিদ্ধ সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ সহযোগী, পৃষ্ঠপোষক আৰু আৰ্থিক সহায়কসকলৰ বিৰুদ্ধে কঠোৰ আৰু অব্যাহত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছো।”

যৌথ বিবৃতিখনত বিশ্বজুৰি নিষিদ্ধ সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ সহযোগী, আৰ্থিক সহায়ক আৰু পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে “দৃঢ় আৰু অব্যাহত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা” গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ জোৰ দিয়া হয়।

আধুনিক যুদ্ধ আৰু সুৰক্ষা সংকটৰ বিষয়ত আলোচনা কৰি Quadrilateral Security Dialogue (Quad) দেশসমূহে উদ্বেগ প্ৰকাশ কৰে যে, উগ্ৰপন্থী সংগঠনসমূহে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ চেষ্টা বৃদ্ধি কৰিছে।

এই ভাবুকিৰ মোকাবিলাৰ বাবে সদস্য দেশসমূহে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক অংশীদাৰসকলৰ সৈতে অধিক সমন্বয় গঢ়ি তুলি সন্ত্ৰাসবাদ দমন ক্ষমতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

যৌথ বিবৃতিত কোৱা হয়, “সন্ত্ৰাসবাদ, হিংসাত্মক উগ্ৰবাদ, অপৰাধমূলক বা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত গোট আৰু সন্ত্ৰাসবাদী উদ্দেশ্যত নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা ভাবুকি প্ৰতিৰোধ, চিনাক্ত আৰু মোকাবিলা কৰাৰ ক্ষমতা শক্তিশালী কৰিবলৈ আমি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক অংশীদাৰসকলৰ সৈতে একত্ৰে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

বিবৃতিত পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ স্পষ্ট উল্লেখক ভাৰতক লক্ষ্য কৰি থকা সুৰক্ষা ভাবুকিৰ বিষয়ে Quad-এ এতিয়ালৈকে গ্ৰহণ কৰা আটাইতকৈ দৃঢ় অবস্থানসমূহৰ ভিতৰত এটা বুলি ধৰা হৈছে। ইয়াৰ জৰিয়তে সীমান্তপাৰ উগ্ৰবাদৰ সমস্যাক বিশ্বৰ গুৰুত্বপূর্ণ কূটনৈতিক মঞ্চসমূহত উত্থাপন কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ কূটনৈতিক সফলতাও স্পষ্ট হৈ উঠিছে।

যৌথ সংবাদমেলাত ভাৰতৰ দৃঢ় অবস্থান স্পষ্ট কৰি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে, Quad-ৰ অংশীদাৰ গণতান্ত্ৰিক দেশসমূহে আলোচনা চলাকালত সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

তেওঁ স্পষ্টভাৱে কয়, “সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূন্য সহনশীলতা থাকিব লাগিব আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱা দেশসমূহৰ আত্মৰক্ষাৰ সম্পূৰ্ণ অধিকাৰ আছে।”

Quadrilateral Security Dialogue (Quad) জোঁটে কেৱল সন্ত্ৰাসবাদ দমনতেই সীমাবদ্ধ নাথাকি “মুক্ত আৰু উন্মুক্ত ইণ্ডো-পেচিফিক” অঞ্চল গঢ়ি তোলাৰ লক্ষ্য পুনৰ দৃঢ় কৰে। অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতি জোৰ-জবৰদস্তিৰে সলনি কৰাৰ যিকোনো প্ৰচেষ্টাৰো বিৰোধিতা কৰা হয়।

মন্ত্ৰীসকলে দক্ষিণ চীন সাগৰ আৰু পূব চীন সাগৰত বৃদ্ধি পোৱা উত্তেজনাৰ বিষয়তো গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিশেষকৈ জাহাজ বাধা দিয়া, সংঘৰ্ষ সৃষ্টি কৰা আৰু অনিৰাপদভাৱে পানীৰ কামান ব্যৱহাৰৰ দৰে বিপজ্জনক সামুদ্ৰিক কাৰ্যকলাপৰ বিষয় উল্লেখ কৰা হয়।

বিশ্ব বাণিজ্যৰ সুৰক্ষাৰ বিষয়ত Quad-এ হৰমুজ প্ৰণালী আৰু লোহিত সাগৰৰ মাজেৰে বিশ্ব বাণিজ্যৰ অবাধ চলাচল অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। সামুদ্ৰিক পথত অবৰোধ বা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইনবিৰোধী ব্যৱস্থা, বিশেষকৈ নৌপথত টোল আৰোপ কৰাৰ দৰে পদক্ষেপৰো কঠোৰ বিৰোধিতা কৰা হয়।

মন্ত্ৰীসকলৰ যৌথ ঘোষণাৰ শেষত দক্ষিণ-পূব এছিয়াত বৃদ্ধি পোৱা নতুন ধৰণৰ অ-পাৰম্পৰিক সুৰক্ষা সংকটসমূহৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰা হয়। বিশেষকৈ চাইবাৰ অপৰাধ, অনলাইন প্ৰতাৰণা কেন্দ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিষয়ত গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে Association of Southeast Asian Nations (ASEAN)-ৰ কেন্দ্ৰীয় ভূমিকা আৰু আঞ্চলিক স্থিৰতাৰ প্ৰতি সমৰ্থন পুনৰ ব্যক্ত কৰা হয়।

যৌথ বিবৃতিত পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ স্পষ্ট উল্লেখে ২০২৫ চনৰ ২২ এপ্ৰিলৰ সেই ভয়ংকৰ ঘটনাক পুনৰ স্মৰণ কৰাইছে, যেতিয়া সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পৰ্যটন নগৰী পহেলগামত আক্ৰমণ চলাই ২৬ জন অসামৰিক লোকক হত্যা কৰিছিল। প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পৰিচিত পহেলগাম সেইদিনা ৰক্তাক্ত হৈ পৰিছিল।

এই সীমান্তপাৰ সাম্প্ৰদায়িক আক্ৰমণত সন্ত্ৰাসবাদীয়ে নিহত লোকসকলক হত্যা কৰাৰ আগতে তেওঁলোকৰ ধৰ্ম সম্পৰ্কে সোধা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাটোৰ এক বছৰৰ পিছতো বহু পৰিয়াল শোক আৰু ক্ষতিৰ বেদনাৰ সৈতে যুঁজি আছে।

এই আক্ৰমণৰ পিছত সমগ্ৰ দেশ শোকাহত হৈ থকাৰ সময়তে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে “Operation Sindoor” নামেৰে এক কঠোৰ অভিযান চলায়। এই অভিযানৰ অন্তৰ্গত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoJK)-ত থকা সন্ত্ৰাসবাদী ঘাঁটিসমূহ লক্ষ্য কৰি আক্ৰমণ চলায়।

পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ২০২৫ চনৰ ৭ মে’ত “Operation Sindoor” আৰম্ভ কৰে। এই অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoJK)-ত থকা সন্ত্ৰাসবাদী ঘাঁটিসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়।

আধিকাৰিক তথ্য অনুসৰি, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে Lashkar-e-Taiba, Jaish-e-Mohammed আৰু Hizbul Mujahideen ৰ সৈতে জড়িত নটা ডাঙৰ সন্ত্ৰাসবাদী লঞ্চপেড ধ্বংস কৰে আৰু অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদীক নিহত কৰে।

ইয়াৰ পিছত পাকিস্তানৰ ফালৰ পৰা ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ আৰম্ভ হয়, যাৰ ফলত দুয়োখন পাৰমাণৱিক শক্তিধৰ প্রতিবেশী দেশৰ মাজত চাৰি দিন ধৰি সংঘাত চলে। ভাৰতীয় বাহিনীয়ে শক্তিশালী প্ৰতিৰক্ষা প্ৰদৰ্শন কৰি পাল্টা আক্ৰমণত লাহোৰৰ ৰাডাৰ স্থাপনা আৰু গুজৰানৱালাৰ ওচৰৰ ৰাডাৰ কেন্দ্ৰ ধ্বংস কৰে।

গভীৰ ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক (DGMO)-এ ভাৰতীয় DGMO-ৰ সৈতে যোগাযোগ কৰে আৰু ১০ মে’ত যুদ্ধবিৰতিৰ বাবে দুয়োপক্ষৰ মাজত চুক্তি সম্পন্ন হয়।

ইয়াৰ উপৰিও, “Operation Mahadev”ও যোৱা বছৰৰ সেনা আৰু সুৰক্ষা বাহিনীৰ এক গুৰুত্বপূর্ণ যৌথ সফলতা আছিল। এই অভিযানত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত তিনিজন সন্ত্ৰাসবাদীক অনুসৰণ কৰি হত্যা কৰা হয়।

অসামৰিক পদক্ষেপ হিচাপে ভাৰতে পাকিস্তানৰ সৈতে থকা Indus Waters Treaty বাতিল কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সকলো দ্বিপাক্ষিক বাণিজ্যো বন্ধ কৰি দিয়ে। (ANI)

অধিক পঢ়ক - 'আমি কোনো গোট বা ব্যক্তিক অসমৰ যুৱসমাজক বিভ্ৰান্ত কৰি উগ্ৰপন্থাৰ পথলৈ ঠেলি দি তেওঁলোকৰ ভৱিষ্যৎ নষ্ট কৰিবলৈ নিদিও', মুখ্যমন্ত্ৰী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com