বকোত উদ্ধাৰ কৰা বিৰল নাহৰফুটুকী পোৱালি, গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছে

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ ছাইকাটা অঞ্চলৰ পৰা দুটা বিৰল নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয়।
বকোত উদ্ধাৰ কৰা বিৰল নাহৰফুটুকী পোৱালি, গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছে
Published on

বকোঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ ছাইকাটা অঞ্চলৰ পৰা দুটা বিৰল নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয়। পুৱা প্ৰায় ১১ বজাত স্থানীয় বাসিন্দাৰ সহযোগত বান্দাপাৰা আঞ্চলিক বন কাৰ্যালয়ে এই অভিযান সফলতাৰে সম্পন্ন কৰে।

বন বিষয়া কুলুমনালি গগৈৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে বিলুপ্তপ্ৰায় পোৱালিকেইটা উদ্ধাৰ কৰি পশু চিকিৎসা বিশেষজ্ঞৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে। পৰীক্ষাৰ অন্তত উদ্ধাৰ হোৱা নাহৰফুটুকীৰ পোৱালি দুটাক নিৰাপদ আৰু যত্নৰ বাবে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।

বন বিভাগৰ তৎপৰতাত, গাঁওবাসীৰ সহায়ত, এই দুৰ্লভ প্ৰজাতিটোৰ জীৱন ৰক্ষা কৰে। যিয়ে বন্যপ্ৰাণী সংৰক্ষণত জনসম্প্ৰদায়ৰ অংশগ্ৰহণৰ গুৰুত্ব উজ্জ্বল কৰি তোলে।

ৰেঞ্জাৰ কুলুমনালী গগৈৰ মতে, এই পোৱালিবোৰৰ বয়স মাত্ৰ প্ৰায় ৩-৪ মাহহে।

অধিক পঢ়ক - ওৰাং ভিচিডিচি প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান মহাযোগ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com