

লাইগাঁও/ওৰাং: সোমবাৰে প্ৰকাশিত সর্বশেষ নিৰ্বাচনী ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাই টঙলা বিধানসভা সমষ্টিত জয়লাভ কৰিছে। ডিলিমিটেশনৰ পিছত কলাইগাঁও আৰু পানেৰী সমষ্টিৰ পৰা নতুনকৈ গঠিত হোৱা টঙলা বিধানসভা সমষ্টিটোত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল।
ভোট গণনা শেষ হোৱাৰ সময়ত বিকন চন্দ্ৰ ডেকাই মুঠ ৮৪,৩০৯টা ভোট লাভ কৰি জয় নিশ্চিত কৰে। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ৰহিত পিৰাগাৰ (২৯,৭০৮ ভোট) ওপৰত ৫৪,৬০১টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। আনহাতে ইউপিপিএলৰ জয়ন্ত ৰাভাই ২৮,৩৫৭টা ভোট লাভ কৰে। টঙলা সমষ্টিত মুঠ ২,৬০৩জন ভোটাৰে ন’টা (NOTA) বিকল্প বাচি লৈছে।
অধিক পঢ়ক - হাফলঙত ভাৰতীয় জনতা পাৰ্টিৰ ৰূপলাই লাংথাসাইৰ বৃহৎ জয়