

গৌৰীসাগৰ: আগন্তুক বিধানসভা নিৰ্বাচন ২০২৬ৰ ভোট গণনাৰ পূৰ্বে বৃহস্পতিবাৰে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু এম.পি. বিদ্যালয়ত স্থাপিত ভোট গণনা কেন্দ্ৰত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত ৯৫-দিমৌ বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, ৯৬-শিৱসাগৰৰ ৰিটাৰ্নিং বিষয়া মীনাক্ষী পেৰে আৰু ৯৭-নাজিৰাৰ ৰিটাৰ্নিং বিষয়া পবিত্ৰ কুমাৰ দাস উপস্থিত আছিল।
সভাত ভোট গণনাৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ ভিতৰত গণনা কক্ষৰ বিন্যাস, গণনাৰ বিভিন্ন পৰ্যায়ৰ ক্ৰম, গণনা কেন্দ্ৰলৈ প্ৰৱেশ আৰু বাহিৰলৈ যোৱাৰ পথ, ত্ৰি-স্তৰীয় নিৰাপত্তা ব্যৱস্থা আদি কথা অন্তৰ্ভুক্ত আছিল। লগতে গণনাৰ দিনটোত অনুসৰণ কৰিবলগীয়া বিভিন্ন নিয়ম আৰু নিষেধাজ্ঞাসমূহো আলোচনা কৰা হয়। জিলা প্ৰশাসনে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি স্বচ্ছ, ন্যায়সঙ্গত আৰু শান্তিপূৰ্ণভাৱে গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে।
অধিক পঢ়ক - অনলাইন ট্ৰেডিং প্ৰতাৰণা: অভিযুক্ত গ্ৰেপ্তাৰ; শিলচৰত বিনিয়োগ কেলেংকাৰীত পত্নীকো আটক কৰা হৈছে