

বোকাখাত: বোকাখাত উপ-সংমণ্ডলৰ ম’হুৰামুখ অঞ্চলৰ অন্তৰ্গত বৰ্তিকা এলেকাৰ ৱাৰ্ড নং ৬ৰ বাসিন্দা পুলি গোৱালা আৰু সাবিতা গোৱালাৰ পুত্ৰ বিজিত গোৱালা বেংগালুৰুত কৰ্মৰত অৱস্থাত এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ SLB ৱাটাৰ কোম্পানীত কাম কৰি থকাৰ সময়ত অসাৱধানবশতঃ পাঁচমহলীয়া ভৱনৰ পৰা পৰি যায়। বৰ্তমান তেওঁ বেংগালুৰুৰ ভিক্টোৰিয়া চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
চিকিৎসকৰ মতে তেওঁৰ সম্পূৰ্ণ সুস্থতাৰ বাবে মুঠ পাঁচটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন, যাৰ ভিতৰত ইতিমধ্যে দুটা সম্পন্ন হৈছে।
উল্লেখযোগ্য যে, পৰিয়ালৰ আৰ্থিক অসুবিধা দূৰ কৰিবলৈ বিজিতে ৰাজ্যৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিল। এই দুৰ্ঘটনাই এতিয়া সমগ্ৰ পৰিয়ালটো গভীৰ সংকটত পেলাইছে। যদিও কোম্পানীয়ে চিকিৎসাৰ বাবে কিছু আৰ্থিক সহায় আগবঢ়াইছে, পৰিয়ালৰ মতে সেই সহায় পৰ্যাপ্ত নহয়।
দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে পৰিয়ালটোৱে বাকী চিকিৎসা ব্যয় আৰু তেওঁক ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গুৰুতৰ চিন্তাত পৰিছে। এই পৰিস্থিতিত তেওঁলোকে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা আৰু অসম চৰকাৰৰ পৰা সহায়ৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আন্তৰিক আহ্বান জনাইছে।
অধিক পঢ়ক - ৰটাৰী জিলা গভৰ্ণৰে ডিব্ৰুগড় ৰ’টাৰী ক্লাব ভ্ৰমণ কৰি স্থানীয় কৃতিমানসকলক সন্মানিত কৰে