ভাৰতৰ প্ৰথম ডিজিটেল লোকপিয়লৰ বাবে নিয়োজিত বিষয়াৰ বদলিত নিষেধাজ্ঞা, মাৰ্চ ২০২৭লৈ বাহাল থাকিব নিৰ্দেশনা

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰে জিলা প্ৰশাসনসমূহ আৰু সাধাৰণ প্ৰশাসন বিভাগক জনাইছে যে ২০২৭ চনৰ লোকপিয়ল (Census) কাৰ্যত নিযুক্ত বিষয়া-কৰ্মচাৰীক লোকপিয়ল সম্পূৰ্ণ নোহোৱালৈকে বদলি কৰা নহ'ব।
ভাৰতৰ প্ৰথম ডিজিটেল লোকপিয়লৰ বাবে নিয়োজিত বিষয়াৰ বদলিত নিষেধাজ্ঞা, মাৰ্চ ২০২৭লৈ বাহাল থাকিব নিৰ্দেশনা
Published on

গুৱাহাটী: ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰে জিলা প্ৰশাসনসমূহ আৰু সাধাৰণ প্ৰশাসন বিভাগক জনাইছে যে ২০২৭ চনৰ লোকপিয়ল (Census) কাৰ্যত নিযুক্ত বিষয়া-কৰ্মচাৰীক লোকপিয়ল সম্পূৰ্ণ নোহোৱালৈকে বদলি কৰা নহ'ব।

অসমৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এক চৰকাৰী পত্ৰত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ নিৰ্দেশনা প্ৰেৰণ কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক লোকপিয়লৰ দায়িত্বত থকা বিষয়াসকলৰ বদলিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কোৱা হৈছে।

নিৰ্দেশনাত কোৱা হৈছে যে ২০২৭ চনৰ লোকপিয়লৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। এইবাৰ লোকপিয়ল দুটা পৰ্যায়ত ডিজিটেল পদ্ধতিত অনুষ্ঠিত হ’ব আৰু নাগৰিকসকলৰ বাবে স্ব-গণনাৰ (Self-enumeration) সুবিধাও থাকিব।

ইতিমধ্যে বহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাজ্য, জিলা, তহচিল আৰু গণনা ব্লক পৰ্যায়ত লোকপিয়ল বিষয়াসকলৰ নিযুক্তি আৰু প্ৰশিক্ষণ আৰম্ভ হৈছে। এই বিষয়াসকলে লোকপিয়ল আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ অনুসৰি আইনী দায়িত্ব পালন কৰিব লাগিব। সেইবাবে তেওঁলোকক ৩১ মাৰ্চ, ২০২৭ পৰ্যন্ত নিজ নিজ পদত বাহাল ৰাখিবলৈ কোৱা হৈছে, যাতে লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন হয়।

অসম চৰকাৰে সংশ্লিষ্ট সকলো বিভাগ আৰু কৰ্তৃপক্ষক কেন্দ্ৰৰ এই নিৰ্দেশনা মানি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

অসমত ২০২৭ চনৰ লোকপিয়লৰ সময়সূচী অনুসৰি, প্ৰথম পৰ্যায়ৰ লোকপিয়ল (House-listing and Housing Census) ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ চৰকাৰী প’ৰ্টেলৰ জৰিয়তে স্ব-গণনা (Self-enumeration)ৰ সুবিধা মুকলি থাকিব।

দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা (Population Enumeration) ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ আন অংশৰ সৈতে একেলগে অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে ১ মাৰ্চ, ২০২৭ তাৰিখক ৰেফাৰেন্স ডেট হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৫৯ জন মাষ্টাৰ ট্ৰেইনাৰ নিযুক্ত কৰা হৈছে। তেওঁলোকৰ প্ৰশিক্ষণ ২০২৬ চনৰ ৯ জুনৰ পৰা ১২ জুনলৈ অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ১,১০৯ জন ফিল্ড ট্ৰেইনাৰ চূড়ান্ত কৰিছে, যিসকলৰ প্ৰশিক্ষণ ২০২৬ চনৰ জুন মাহৰ তৃতীয় সপ্তাহত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰী সূত্ৰ অনুসৰি, অসমত প্ৰথম পৰ্যায়ৰ লোকপিয়ল কাৰ্যসূচীৰ বাবে সংৰক্ষিত কৰ্মীসহ প্ৰায় ৮৩,৫৩৫ জন গণনাকাৰী (Enumerator) আৰু তদাৰককাৰী (Supervisor) নিয়োগ কৰা হ’ব।

উল্লেখযোগ্য যে, ২০২৭ চনৰ লোকপিয়ল হ’ব ভাৰতৰ প্ৰথম ডিজিটেল লোকপিয়ল। এই লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব— গৃহ তালিকাকৰণ আৰু গৃহ গণনা (HLO) আৰু জনসংখ্যা গণনা (PE)

অধিক পঢ়ক - অসম বিধানসভাত ১২জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ চুক্তিভিত্তিক নিয়োগ বাতিল

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com