

ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ এশ বছৰৰ ওচৰ চাপি অহাৰ লগে লগে ভাৰতৰ পৰিৱৰ্তনশীল যাত্ৰাৰ পৰা বিশ্বই বহু কথা শিকিবলগীয়া আছে। এইটোৱেই আছিল শুকুৰবাৰে বিয়লি গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত অধ্যাপক ড০ চি ৰাজ কুমাৰে প্ৰদান কৰা ১১ সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতাৰ অন্তৰ্নিহিত বিষয়বস্তু।
শুকুৰবাৰে গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত ১১ সংখ্যক শৰত মহন্ত স্মাৰক বক্তৃতাত তেওঁ এই বক্তব্য আগবঢ়ায়। বিশ্ববিখ্যাত আইনবিদ তথা অক্সফ’ৰ্ড আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ড° ৰাজ কুমাৰে কয় যে ২০৪৭ চন কেৱল আধুনিক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা মাইলৰ খুঁটি নহয়, বৰঞ্চ বিশ্বৰ এক প্ৰাচীন অবিচ্ছিন্ন সভ্যতাৰ আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে বিবেচিত হ’ব লাগে।
তেওঁ ভাৰতৰ সভ্যতাৰ গভীৰ ঐতিহ্য, ঔপনিবেশিক যুগৰ প্ৰভাৱ আৰু সংবিধানৰ জৰিয়তে হোৱা পুনর্জন্মৰ ঐতিহাসিক ধাৰা ব্যাখ্যা কৰে। ভাৰতৰ পৰিচয় গঠনত পৰম্পৰা, প্ৰতিষ্ঠানিক বিকাশ আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ আন্তঃসম্পর্কক তেওঁ বিশেষভাৱে উল্লেখ কৰে।
ড° চি ৰাজ কুমাৰে শিক্ষা, ন্যায় আৰু প্ৰযুক্তি—এই তিনিটা স্তম্ভ ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰে। তেওঁ প্ৰাচীন ভাৰতীয় জ্ঞান-ব্যৱস্থা আৰু ধৰ্ম-ভিত্তিক ন্যায় ধাৰণাৰ কথাও উল্লেখ কৰে, যি সভ্যতাৰ ভেঁটি শক্তিশালী কৰিছিল।
স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ পৰা ভাৰতৰ সংবিধান-ভিত্তিক ৰাষ্ট্ৰ নিৰ্মাণ, ১৯৯০ দশকৰ অৰ্থনৈতিক উদাৰীকৰণ আৰু শেহতীয়া ডিজিটেল ৰূপান্তৰৰ ধাৰা তেওঁ বিশ্লেষণ কৰে।
সমসাময়িক ভাৰতক বিশ্ব পৰিসৰত স্থাপন কৰি তেওঁ দেশৰ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টাৰ্টআপ পৰিৱেশ, মহাকাশ প্ৰযুক্তিৰ অগ্ৰগতি আদি উল্লেখ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰত উদ্ভাৱন, অন্তৰ্ভুক্তি, টেকসই উন্নয়ন আৰু নৈতিক শাসনৰ এক বিশ্বনেতা হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয় যে ভাৰতৰ ভৱিষ্যৎ শিক্ষা, ন্যায় আৰু প্ৰযুক্তিৰ সমন্বিত বিকাশৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু দেশখনে জ্ঞান, ন্যায় আৰু মানৱীয় মূল্যবোধ ভিত্তিক এক বিশ্ব মডেল হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে।
ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি আৰু অন্যান্য প্ৰতিষ্ঠানৰ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ৰাজ্যপালে কয়, “আপোনালোকেই হৈছে সেই শক্তি, যিয়ে ‘India@100’ৰ সপোনক বাস্তৱত ৰূপ দিব। আপোনালোকৰ দৃষ্টিভংগী, শক্তি আৰু নিষ্ঠাই এই ৰাষ্ট্ৰৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব।”
তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ব্যক্তিগত লক্ষ্য সাধনৰ সৈতে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
অধ্যাপক শৰত মহন্তৰ জীৱন আৰু অৱদানৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে শিক্ষা কেৱল এটা পেচা নহয়, বৰঞ্চ সমাজক ৰূপান্তৰ কৰিব পৰা এক মিশন। “অধ্যাপক মহন্তৰ আদৰ্শ আৰু মূল্যবোধে আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি তেঁও প্ৰকাশ কৰে।
কাৰ্যসূচী আৰম্ভ হয় জুবলী বৰাই গোৱা এক মন মুগ্ধ কৰা শিৱ বন্দনাৰে, যিটো ড° পাৰ্থসাৰথি মহন্তই ৰচনা কৰিছিল। তাৰ পিছতে বন্তি প্ৰজ্বলন সম্পন্ন হয়।
এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য, অধ্যাপক কুমাৰ, উইলছন, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়া, মুখ্য সচিব ড° ৰবি কোট্টা, ডি.জি.পি. হৰমিত সিং, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ চ্যান্সেলৰ অশোক কুমাৰ পাঁছাৰী আৰু মিনা মহন্ত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে।
তেওঁৰ বিশেষ মন্তব্যত হাৱাইৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাননীয় মাইকেল ডি. উইলছনে ভাৰতৰ বিশ্ব ন্যায়বিধি গঠনত আগবঢ়োৱা অগ্ৰণী ভূমিকাক বিশেষভাৱে উজ্জ্বল কৰি তোলে। তেওঁ লগতে স্থায়িত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উন্নয়নৰ লক্ষ্য আৰু পৰিৱেশ সংৰক্ষণৰ মাজত এক সুষম সমতা বজাই ৰখাৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে।
অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অসমৰ বাৰ্ষিক বৌদ্ধিক কেলেণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান, যিটো ২০১৪ চনত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যন-এ আৰম্ভ কৰিছিল।
এই বক্তৃতা শৃংখলাই বছৰৰ পিছত বছৰত বিভিন্ন খ্যাতনামা অৰ্থনীতিবিদ, শিক্ষাবিদ, ৰাজনৈতিক ব্যক্তিত্ব আৰু চিন্তাবিদসকলক এক মঞ্চত একত্ৰিত কৰি আহিছে। ইয়াত অংশগ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকল হৈছে— সাংবাদিক সুদীপ চক্রৱৰ্তী,বুদ্ধিজীৱী যোগেন্দ্ৰ যাদৱ , অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বিবেক দেৱৰয়, প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী জয়ন্ত সিনহা, অৰ্থনীতিবিদ ড° শামিকা ৰাভি, প্ৰখ্যাত লেখক অক্ষত গুপ্তা, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়, ভাৰতত ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰন মালকা, প্ৰাক্তন কূটনীতিবিদ দীপক বহৰা আৰু অৰ্থনীতিবিদ তথা লেখক সঞ্জীৱ সান্যাল।
অধিক পঢ়ক - সহকাৰী অধ্যাপক নেকিবুদ্দিন আহমেদক অসম কৃষি বিশ্ববিদ্যালয়ে পিএইচডি ডিগ্ৰী প্ৰদান কৰে