

গুৱাহাটীঃ বিশেষকৈ কেন্সাৰ চিকিৎসাৰ বাবে মুম্বাইত থাকিবলগীয়া অসমৰ ৰোগী আৰু তেওঁলোকৰ আত্মীয়-স্বজনৰ বাবে আহিল সুখবৰ। মুম্বাই চহৰৰ হৃদয়স্থল কটন গ্ৰীণ অঞ্চলত অৱস্থিত ৪.৮ বিঘা মাটি আজি মুম্বাই বন্দৰ কৰ্তৃপক্ষই দ্বিতীয় অসম ভৱন নিৰ্মাণৰ উদ্দেশ্যে অসম চৰকাৰক হস্তান্তৰ কৰে।
কেন্সাৰ ৰোগীসকলৰ যত্ন লোৱাৰ উপৰিও এই দ্বিতীয় অসম ভৱনটোত অন্যান্য অতিথিসকলৰো থকাৰ ব্যৱস্থা থাকিব আৰু ভাৰতৰ বাণিজ্যিক ৰাজধানীত অসমক প্ৰচাৰৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে।
অসম চৰকাৰৰ হৈ মাটি গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই। তেওঁ বৰ্তমান নগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসম ভৱনৰ যুটীয়া আৱাসী আয়ুক্ত হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰি আছে। তেওঁ মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ এষ্টেট মেনেজাৰৰ পৰা আনুষ্ঠানিকভাৱে মাটিখিনি গ্ৰহণ কৰে।
ইতিপূৰ্বে বহু বছৰ ধৰি অসম ভবন, মুম্বাইত কৰ্মৰত থকা শর্মাই অসমৰ কেন্সাৰ ৰোগীসকলৰ সেৱাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। অসম হাউছত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক নগাঁও জিলাৰ জিলা আয়ুক্তৰ দায়িত্বৰ লগতে যুটীয়া আৱাসী আয়ুক্তৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে।
তেওঁ কয়, “দেশৰ বাণিজ্যিক ৰাজধানীলৈ বিভিন্ন কাৰণত যাত্ৰা কৰিবলগীয়া অসমৰ লোকসকলৰ বাবে এই পদক্ষেপ অত্যন্ত লাভজনক হ’ব।”
প্ৰস্তাৱিত দ্বিতীয় অসম ভবনৰ স্থানটো কেন্সাৰ চিকিৎসাৰ বাবে সুপৰিচিত টাটা মেম'ৰিয়েল হাস্পতাল-ৰ (Tata Memorial Hospital) পৰা মাত্ৰ প্ৰায় ৪-৫ কিলোমিটাৰ দূৰত অৱস্থিত।
অধিক পঢ়ক - “ৱাশ্বিংটনৰ বিশৃংখল ৰাজনীতি”ৰ মাজতে আমেৰিকাৰ সৈতে বহু বিষয়ত সমাধানৰ দাবী ইৰাণৰ; তাৎক্ষণিক চুক্তিৰ সম্ভাৱনা নাকচ