

গৌৰীসাগৰ: আজি পুৱা প্ৰায় ৪:৩০ বজাত শিৱসাগৰ জিলাৰ পৰা যোৰহাটলৈ ন’টা বলদ লৈ যোৱা AS 12 CC 5292 নম্বৰৰ এখন মাহিন্দ্ৰা ব’লেৰ’ পিকআপে নিয়ন্ত্ৰণ হেৰুৱাই যোৰহাট জিলাৰ বামুনপুখুৰী আৰক্ষী আউটপ’ষ্টৰ অধীনত জাঁজী হাঞ্চাৰাৰ ওচৰৰ চাৰিলেন হাইৱেৰ ডিভাইডাৰত কেইবাবাৰো উলটি দুৰ্ঘটনাগ্ৰস্ত হয়।
এই দুৰ্ঘটনাত এটা বলধ ঘটনাস্থলীতে মৃত্যু হয় আৰু কেইবাটাও বলধ আহত হয়। বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলাই যায়। বাহনখনত থকা দুজন যাত্ৰীও আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
অধিক পঢ়ক - ড° অৰুণ কুমাৰ নাথৰ অৱসৰ গ্ৰহণৰ উপলক্ষে মৰিগাঁওত “Arunjyoti” নামৰ অভিনন্দনমূলক গ্ৰন্থ উন্মোচন