হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ: প্ৰধানমন্ত্ৰী মোদীসহ শীৰ্ষ নেতাসকলৰ উপস্থিতিত NDA 3.0 শপত গ্ৰহণ অনুষ্ঠান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, আৰু ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ গৌৰৱময় উপস্থিতিত ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে।
হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ: প্ৰধানমন্ত্ৰী মোদীসহ শীৰ্ষ নেতাসকলৰ উপস্থিতিত NDA 3.0 শপত গ্ৰহণ অনুষ্ঠান
Published on

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, আৰু ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ গৌৰৱময় উপস্থিতিত ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীসহ আন চাৰিগৰাকী মন্ত্ৰী— ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ ব’ড়ো আৰু অজন্তা নেওগক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাই শপত গ্ৰহণ কৰাই।

মুখ্যমন্ত্ৰীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ X হেণ্ডেলত লিখিছে, “অসমৰ বাবে এক মহান দিন! তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিলে। ড° হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণৰ বাবে অভিনন্দন। তেওঁ এজন উৎকৃষ্ট প্ৰশাসক হিচাপে নিজৰ স্থান গঢ়ি তুলিছে আৰু ৰাজ্যৰ বাবে অগ্ৰণী কাম কৰিছে। আগন্তুক কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল।”

প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰা আন চাৰিগৰাকী মন্ত্ৰীলৈও শুভেচ্ছা জ্ঞাপন কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি গাডকাৰীয়ে কয়, “মই নিশ্চিত যে তৃতীয় NDA কাৰ্যকালত অসম আৰু অধিক উন্নতি কৰিব। মোৰ মন্ত্ৰণালয়ৰ অধীনত অসমত প্ৰায় ২ লাখ কোটি টকাৰ প্ৰকল্প প্ৰস্তুত হৈ আছে। আমি অসমক এখন উন্নত ৰাজ্য কৰি তুলিম।”

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহানে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ নতুন শিখৰত উপনীত হ’ব।

DoNER মন্ত্ৰী জ্যোতিদিত্য সিংহিয়া ই কয়, “ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে একে উন্নয়ন আৰু বিকাশৰ পথত আগবাঢ়ি যাব। মোদীৰ দৃষ্টিভংগীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক ৰূপান্তৰিত কৰিছে।”

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, “তেওঁ মোৰ ডাঙৰ ভাতৃ। আমাৰ মাজত ইতিবাচক সম্পৰ্ক আছে। তেওঁ মোক বহু সহায় কৰিছে। তেওঁৰ পৰা মই বহু কথা শিকিবলগীয়া আছে।”

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, “ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰত অতি উৎকৃষ্ট কাম কৰিছে। মই আশা কৰোঁ আগন্তুক পাঁচ বছৰত তেওঁ আৰু ভালদৰে কাম কৰিব। ই অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। অসমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।”

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয়, “অসমৰ মুখ্যমন্ত্ৰীয়ে অতি ভালদৰে কাম কৰিছে। জনসাধাৰণে ভাল জনাদেশ দি চৰকাৰখন পুনৰ নিৰ্বাচিত কৰিছে, যি আমাৰ সকলোৰে বাবে এক ঐতিহাসিক বাৰ্তা।”

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই ড° হিমন্ত বিশ্ব শৰ্মাক এক গতিশীল আৰু দূৰদৰ্শী নেতা বুলি অভিহিত কৰে। তেওঁ কয়, “তেওঁ ৰাজ্যৰ বাবে ভালদৰে কাম কৰিছে, সেয়েহে জনসাধাৰণে তেওঁক বৃহৎ জনাদেশেৰে পুনৰ নিৰ্বাচিত কৰিছে।”

ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰে, যিয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল, কয়, “আজি গুৱাহাটীলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অসমৰ মাজত বহু বাণিজ্যিক সম্পৰ্ক আছে, আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি দুয়োখন দেশৰ বাবে লাভজনক বহু নতুন সুযোগ চিনাক্ত কৰিম।”

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য ,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ডনৱিছ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শাৱন্ত, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱান আৰু দেশৰ বহু শীৰ্ষ উদ্যোগপতিও অনুষ্ঠানত উপস্থিত আছিল।

অধিক পঢ়ক - অসমত চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈ বৃদ্ধি কৰা হ’ব, হিমন্ত বিশ্ব শৰ্মা

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com