

গুৱাহাটীঃ বকৰি ঈদৰ পূৰ্বে ৰাজ্যৰ প্ৰায় ৮০০টা ঈদগাহ সমিতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক গো-হত্যা নকৰিবলৈ আহ্বান জনাইছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মুছলমান সমাজে স্ব ইচ্ছাই বকৰি ঈদত গৰু হত্যা নকৰাৰ সিদ্ধান্ত আগবঢ়াইছে। তেওঁ কয়, “বৰপেটা, হোজাই, ধুবুৰী, লখিমপুৰ, কামৰূপ আদি বহু ঠাইৰ পৰা গৰু সুৰক্ষাৰ বাবে এই ইতিবাচক বাৰ্তা আহিছে। সংখ্যাগৰিষ্ঠ সমাজৰ বিশ্বাস আৰু অনুভূতিক সন্মান জনালে ৰাজ্যখনৰ শান্তিপূৰ্ণ বিকাশ অধিক সুদৃঢ় হ’ব।”
অধিক পঢ়ক - নৱম শ্ৰেণীৰ তিনিভাষিক নিয়মক লৈ প্ৰস্তুতিৰ অভাৱৰ আশংকা; কেন্দ্ৰ আৰু CBSE-ক জাননী উচ্চতম ন্যায়ালয়ৰ