চি আৰ পি এফয়ে বিতৰন কৰে বিনামুলীয়া শিক্ষাগত আহিলা

চি আৰ পি এফয়ে বিতৰন কৰে বিনামুলীয়া শিক্ষাগত আহিলা
Published on

যোৱা শনিবাৰে ১২৯ চি আৰ পি এফয়ে কোকৰাঝাৰ জিলাৰ ভোটগাঁৱত অমৃত ব্ৰহ্মা শেৱাশ্ৰম ৰেচিডেণ্টিয়েল স্কুলত বিনামুলীয়া শিক্ষাগত আহিলা বিতৰন এক কাৰ্যসূচীৰ আয়োজন কৰে ।

১২৯ চি আৰ পি এফৰ সেনানায়ক ই. ৰমেশে ছাত্ৰ-ছাত্ৰী সকলক বিনামুলীয়া শিক্ষাৰ আহিলা সমূহ বিতৰন কৰে । অনুষ্ঠান খনত স্কুল খনৰ প্ৰধান শিক্ষক প্ৰনৱ কুমাৰ বসুমতাৰীও উপস্থিত থাকে ।অনুষ্ঠানৰ সময়ত ই. ৰমেশে বক্তৃত্বা প্ৰদান কৰি কয় যে,চি আৰ পি এফ সকলে আয়োজন কৰা বিনামুলীয়া শিক্ষাৰ আহিলা প্ৰদান কাৰ্যসূচী সমূহে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ প্ৰদান কৰে ।ইয়াৰোপৰি তেওঁ কয় যে,অনাগত সময়ত প্ৰয়োজনীয় লোক সকলৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহন কৰাৰ লগতে পৰিকল্পনা কৰি ৰাখিছে ।

বিতৰনী অনুষ্ঠান খনত এইচ এছ তিৱাৰী,দুগৰাকী আই/চি,তনভীৰ জামাল, ডিপুটী কমাণ্ড্যাণ্ট ইমৰান খান,সহকাৰী কমাণ্ড্যাণ্ট ,প্ৰধান শিক্ষক প্ৰনৱ কুমাৰ বসুমতাৰী উপস্থিত থাকে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com