বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰাৰ শৰযন্ত্ৰ আৰম্ভ কৰিছে

বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰাৰ শৰযন্ত্ৰ আৰম্ভ কৰিছে
Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশীক সংস্থাপন কৰি খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰাৰ শৰযন্ত্ৰ আৰম্ভ কৰিছে এই দাবী হেইনিউট্ৰিপ যুৱ সমিতিৰ। এইচ অৱাই চিৰ সভাপতি ৰবাৰ্টজুন খাৰজাৰিনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক কেবল মাত্ৰ বাংলাদেশৰ এটা ধাৰ্মিক শ্ৰেণীক তুষ্টি কৰাৰ বাবেহে চৰকাৰে জাপি দিয়াৰ চেষ্টা কৰিছে।ভাৰতীয় জনতা পাৰ্টি চৰকাৰে গম পায় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক সহজে মূৰ্খ সজাব নোৱাৰি সেয়েহে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বাংলাদেশৰ পৰা এটা ধৰ্মীয় গোষ্ঠীৰ লোক আনি নিজৰ ভোট বেংক বৃদ্ধি কৰাৰ গভীৰ শৰযন্ত্ৰ আৰম্ভ কৰিছে বিজেপিয়ে।

শুক্ৰবাৰে শ্বিলঙত উলিওৱা কলা পতাকা প্ৰতিবাদী সমদলৰ সময়ত এনেদৰে মন্তব্য আগবঢ়াই খাৰজিনে।নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ দ্বাৰা ১৯৫৫ চনৰ নাগৰিকত্ব আইনখন সংশোধন কৰি আফগানিস্তান,বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু, শিখ, জৈন, পাৰ্চিয়ান আৰু খ্ৰিষ্টিয়ান লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হব।খাৰজিনে পুনৰ কয় যে ভাৰত-নেপালৰ বন্ধুত্বও কেবল মাত্ৰ এটা বিশেষ জাতিক তুষ্টি কৰাৰ বাবেহে কৰা হৈছে।নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্য্যকৰী কৰা হলে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা তথা অস্তিত্ব বিঘ্নিত হব আৰু এই সকল লোকৰ ভূমি, ভাষিক আৰু সাংস্কৃতিক অধিকাৰো বিপন্ন হব। সংগঠনটোৰ সভাপতিয়ে মেঘালয় চৰকাৰে বিধেয়ক খনৰ বিৰোধিতা কৰা কাৰ্য্যক প্ৰশংসা কৰি কয় যে চৰকাৰৰ এই বিৰোধিতাই সৰ্বোচ্চ নহয় ইয়াৰ বাবে ৰাজ্যিক চৰকাৰ খনে বিধানসভাত এখন চৰকাৰী অধ্যাদেশ গ্ৰহণ কৰিব লাগে।খাৰজাৰিণে পুনৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী জনে মেঘালয়ৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ১০০ শতাংশ সুৰক্ষিত কৰি ৰাখিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com