আজিৰ অসম

Uniform Civil Code (UCC)-ৰ খচৰা অনুমোদন দিলে অসম চৰকাৰৰ প্ৰথম কেবিনেট

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত Uniform Civil Code (UCC) বিধেয়কখন অনুমোদন কৰে আৰু সিদ্ধান্ত লয় যে অহা ২৬ মে’ত বিধেয়কখন বিধানসভাত উত্থাপন কৰা হ’ব।

Sentinel Digital Desk

গুৱাহাটী: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত ইউনিফৰ্ম চিভিল কোড (UCC)-বিধেয়কখন অনুমোদন কৰে আৰু সিদ্ধান্ত লয় যে অহা ২৬ মে’ত বিধেয়কখন বিধানসভাত উত্থাপন কৰা হ’ব। প্ৰস্তাৱিত বিধেয়কখনে জনজাতীয় সমাজ, তেওঁলোকৰ পৰম্পৰাগত আইন, আঞ্চলিক ৰীতি-নীতি আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহক ইয়াৰ পৰিসৰৰ বাহিৰত ৰাখিব।

কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয়, “কেবিনেটে আজি খচৰা UCC বিধেয়কখন অনুমোদন কৰিছে। আমি ইয়াক ২৬ মে’ত বিধানসভাৰ অধিবেশনৰ শেষৰ দিনা উত্থাপন কৰিম। অধিৱেশন ২১ মে’ত আৰম্ভ হ’ব। অসমত জাতিগত আৰু জনজাতীয় ৰীতি-নীতিৰ কথা বিবেচনা কৰি আমি জনজাতীয় সমাজ, তেওঁলোকৰ পৰম্পৰাগত আইন, আঞ্চলিক আইন আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহক ইয়াৰ পৰিসৰৰ বাহিৰত ৰাখি UCC বিধেয়কখন সংশোধন কৰিছো। আমাৰ মূল লক্ষ্য হ’ব বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন, বহুবিবাহ নিয়ন্ত্ৰণ, ছোৱালীৰ সম্পত্তিৰ অধিকাৰ, আৰু live-in relationship সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা। উত্তৰাখণ্ড, গুজৰাট আৰু গোৱাই ইতিমধ্যে UCC কাৰ্যকৰী কৰিছে।”

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে কেবিনেটে সিদ্ধান্ত লৈছে ৰাজ্যৰ ২০২৬ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ইস্তাহাৰক আগন্তুক পাঁচ বছৰৰ শাসনৰ ৰূপৰেখা হিচাপে গ্ৰহণ কৰা হ’ব। “এতিয়া কাম কৰাৰ সময়। নিৰ্বাচনৰ আগতে যি কথা কোৱা হৈছিল, সেই কথা বাস্তৱায়িত কৰিব লাগিব,” বুলি তেওঁ মত প্ৰকাশ কৰে।

কেবিনেটে ৰাজ্যৰ যুৱক-যুৱতীসকলক আগন্তুক পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি প্ৰদানৰ ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিব ড° ৰবি কোটাৰ নেতৃত্বত এখন টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ অনুমোদন দিছে। তেওঁ কয় যে এই টাস্ক ফ’ৰ্চে তিন মাহৰ ভিতৰত চৰকাৰক নিজৰ প্ৰতিবেদন দাখিল কৰিব।

আজিৰ কেবিনেটে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত ড° ভূপেন হাজৰিকাক উৎসৰ্গিত ৩২ কোটি টকাৰ এখন সংগ্ৰহালয় প্ৰকল্পকো অনুমোদন দিছে, যাৰ উদ্দেশ্য হ’ল মহান শিল্পীগৰাকীক ৰচনা-কৃতি আৰু তেওঁৰ সৈতে জড়িত অন্যান্য সামগ্ৰী সংৰক্ষণ কৰা। উত্তৰ-পূৰ্ব পৰিষদে (এন ই চি) এই প্ৰকল্পৰ বাবে ১৩ কোটি টকা যোগান ধৰিব আৰু বাকী ব্যয় অসম চৰকাৰে বহন কৰিব। কেবিনেটে লগতে সিদ্ধান্ত লৈছে যে ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ সমাপ্তি অনুষ্ঠান ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত কৰা হ’ব।

আনহাতে কেবিনেটে দেৱজিৎ শইকীয়াক অসম চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ বাবে মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে।

কেবিনেটে ১৬সংখ্যক অসম বিধানসভাৰ প্ৰ’ টেম স্পীকাৰ হিচাপে জ্যেষ্ঠতম বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰীক নিৰ্বাচিত কৰিছে। লগতে তেওঁ কয় যে এন ডি এ-ই ইতিমধ্যে বিধায়ক ৰঞ্জিত কুমাৰ দাসক স্পীকাৰ হিচাপে প্ৰস্তাৱ দিছে।

কেবিনেট বিস্তাৰৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয়, “এই বছৰৰ জুন মাহৰ প্ৰথম সপ্তাহত আমি কেবিনেট বিস্তাৰ কৰিম। মন্ত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিবলৈ মই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে বহিব লাগিব। আগন্তুক বিধানসভা অধিবেশনৰ বাবে এতিয়া মই দিল্লী যাব নোৱাৰোঁ, সেয়ে অধিবেশনৰ পিছত মই নবীনৰ সৈতে সাক্ষাৎ কৰিম।”

পশ্চিমবংগৰ প্ৰথম কেবিনেট বৈঠকে বাংলাদেশ সীমান্তত বর্ডাৰ ফেন্সিঙৰ বাবে BSF-ৰ প্ৰয়োজনীয় ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱাৰ বিষয়ে মন্তব্য সোধাত মুখ্যমন্ত্ৰীয়ে কয়, “এয়া অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ইতিবাচক লক্ষণ।বাংলাদেশ সীমান্তৰ আটাইতকৈ দীঘলীয়া বেৰবিহীন অংশটো পশ্চিম বংগত পৰে।আমি অনুপ্ৰৱেশ বন্ধ কৰিব পাৰিলেও অনুপ্ৰৱেশকাৰীয়ে পশ্চিম বংগ সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিব পাৰে।”