গুৱাহাটীঃ অসম চৰকাৰৰ বিত্ত বিভাগে বিত্তীয় ক্ষমতা প্রতিনিধি বিধি (ডি এফ পি আৰ), ২০২২ৰ ২২ নং নিয়মৰ অধীনত স্থায়ী বিত্ত সমিতি পুনৰ গঠন কৰি নতুনকৈ অধিসূচনা জাৰি কৰিছে৷
এই সমিতিৰ অধ্যক্ষ হিচাপে মুখ্য সচিব থাকিব, আনহাতে প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠতম সচিবে সদস্য সচিবৰ দায়িত্ব পালন কৰিব। সমিতিৰ অন্যান্য সদস্যসকলৰ ভিতৰত থাকিব ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, বিত্ত (ব্যয় নিয়ন্ত্ৰণ) বিভাগ, সংশ্লিষ্ট প্ৰশাসনিক বিভাগসমূহৰ প্ৰতিনিধি, বিভাগীয় মুৰব্বীসকল আৰু জ্যেষ্ঠ বিত্তীয় উপদেষ্টাসকল।
অধিসূচনাত লগতে উল্লেখ কৰা হৈছে যে অধ্যক্ষই প্ৰয়োজন অনুসৰি সমিতিৰ সদস্য হিচাপে যিকোনো অন্যান্য বিষয়া মনোনীত বা আমন্ত্ৰণ কৰাৰ ক্ষমতা থাকিব।
গুৰুত্বপূর্ণভাৱে, এই Standing Finance Committee-এ এতিয়া সকলো State Own Priority Development (SOPD) আঁচনি আৰু প্ৰকল্প—PWD (Roads, Buildings & National Highways)ৰ অধীনত থকা আঁচনি —যাৰ প্ৰকল্প ব্যয় ৫ কোটি টকাৰ পৰা ২৫ কোটি টকাৰ ভিতৰত, সেইসমূহ বিবেচনা আৰু অনুমোদন কৰিব।
এই নতুন অধিসূচনাই ১৫ মে’ ২০২৪ তাৰিখৰ পূৰ্বৰ চৰকাৰী অধিসূচনা লগতে তাৰ পাছত জাৰি হোৱা সকলো সংশ্লিষ্ট নিৰ্দেশনা বাতিল কৰে। চৰকাৰে সকলো প্ৰশাসনিক বিভাগক DFPR, ২০২২ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
অধিক পঢ়ক - অসম বিধানসভাত বিধায়কসকলৰ ভিতৰত ২২ জন ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ আৰু মাত্ৰ দুজন অসমীয়া বিধায়ক