গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ ভোট গণনাৰ আগদিনা সকলোৰে মনত এটাই প্ৰশ্ন—এনডিএয়ে তৃতীয়বাৰৰ বাবে জয় লাভ কৰি চৰকাৰ গঠন কৰিবনে, নে এইবাৰ ৰাজ্যত পৰিবর্তন আহিব?
ভাৰতৰ নিৰ্বাচন আয়োগ (ECI)-ৰ নিৰ্দেশনা অনুসৰি, অসম নিৰ্বাচন বিভাগে দিনটোৰ বাবে সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পূৰ্ণ কৰিছে। সোমবাৰে পুৱা ৮ বজাৰ পৰা ৰাজ্যখনৰ ৩৫খন জিলাত থকা ৪০টা গণনা কেন্দ্ৰত ভোট গণনা আৰম্ভ হ’ব। মুঠ ৫,৯৮১ জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। অসমত গণনাৰ বাবে ECI-এ আন ৰাজ্যৰ পৰা ১২৬ জন IAS বিষয়াক পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ইয়াৰ উপৰিও, ২,৩৪৮ জন মাইক্রো-পৰ্যবেক্ষক নিয়োগ কৰা হৈছে।
নিৰ্বাচন বিভাগৰ সূত্ৰ অনুসৰি দুপৰীয়াৰ আশে-পাশে ফলাফলৰ তৎপৰতা বৃদ্ধি পাব, আৰু সন্ধিয়াৰ ভিতৰত চূড়ান্ত ফলাফল ওলোৱাৰ সম্ভাৱনা আছে। সকলো প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
এইবাৰ নিৰ্বাচনত ৯ এপ্ৰিলত একেটা পৰ্যায়তে অনুষ্ঠিত হৈছিল, য’ত ভোটদানৰ হাৰ আছিল ৮৫.৯৬%। মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৫০,৫৪,৪৬৩ জন। ১২৬টা বিধানসভা সমষ্টিত মুঠ ৭২২ জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ৭২২ জন প্ৰাৰ্থীৰ ভিতৰত ৬৩৩ জন পুৰুষ আৰু ৫৯ গৰাকী মহিলা আছিল। ৰাজ্যজুৰি ৩১,৪৯০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
ৰাজ্যখনত এনডিএৰ নিৰ্বাচনী অভিযান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিছিল, আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মৈত্ৰীক নেতৃত্ব দিছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। এনডিএৰ প্ৰচাৰকৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদি আছিল। আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু এআইচিচি সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিৰোধীৰ প্ৰচাৰ অভিযান আগবঢ়াইছিল। অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত চৰকাৰ গঠনৰ বাবে ৬৪ খন আসন লাভ কৰিব লাগিব।
ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জলুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, আনহাতে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবাৰ সকলোৰে দৃষ্টি যোৰহাট আসনৰ ওপৰত কেন্দ্ৰীভূত, য’ত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত প্ৰত্যক্ষ প্ৰতিযোগিতা হৈছে। লক্ষণীয় যে গগৈ বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু গোস্বামী যোৰহাট বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক। আন এখন গুৰুত্বপূর্ণ আসন হৈছে শিৱসাগৰ সমষ্টি, য’ত ৰাইজৰ দলৰ অখিল গগৈ, বিজেপিৰ কুশল দুৱাৰী আৰু এজিপিৰ প্রদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰিছে। কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিও এইবাৰ গুৰুত্ব লাভ কৰিছে, য’ত বিজেপিৰ প্রদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু স্বতন্ত্ৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে।
২০২৬ চনৰ নিৰ্বাচনত কেইগৰাকী নতুন মুখে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেখেতসকলৰ ভিতৰত অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰী (গুৱাহাটী চেন্ট্ৰেল), ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা (মাৰিয়ানি) আৰু বিজেপিৰ ৰূপালী লাংথাছা (হাফলং) আদি উল্লেখযোগ্য।
কংগ্ৰেছে সৰ্বাধিক ৯৯ গৰাকীয়ে প্ৰাৰ্থী প্ৰাৰ্থীত্ব আগবঢ়াইছে, আনহাতে বিজেপিয়ে ৯০ গৰাকীয়ে প্ৰাৰ্থী আগবঢ়াইছিল। আন কেইবাটাও দলৰ প্ৰাৰ্থীৰ বিভাজন হৈছে এনেদৰে: আপ ১৮, এজিপি ২৬, এআইইউডিএফ ৩০, বিপিএফ ১১, ইউপিপিএল ১৮, টিএমচি ২২, চিপিআই ৩, চিপিআই (এম) ২, চিপিআই (এমএল) (এল) ৩, ৰাইজৰ দল ১৩ আৰু এজেপি ১০। সোমবাৰে সন্ধিয়া পৰ্যন্ত কোন দলে নতুন চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব।
অধিক পঢ়ক - বিধানসভা নিৰ্বাচন ২০২৬ৰ আগত শিৱসাগৰত ভোট গণনা সম্পৰ্কীয় ব্যৱস্থা পৰ্যালোচনা কৰা হৈছে