গুৱাহাটী: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি জ্যেষ্ঠ বিজেপি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ১৬ সংখ্যক অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ (প্ৰ’টেম স্পীকাৰ) হিচাপে নিযুক্তি দিয়ে। ৰাজ্যপালে লগতে ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশন আহ্বান কৰে।
প্ৰ’টেম স্পীকাৰ নিযুক্তি সন্দৰ্ভত অসম বিধানসভাৰ সচিব দুলাল পেগুৱে আজি চৰকাৰী জাননী জাৰি কৰে।
বিধানসভা সচিবালয়ৰ জাননী অনুসৰি, নতুন স্পীকাৰ নিৰ্বাচিত নোহোৱালৈকে ১৬ সংখ্যক অসম বিধানসভাৰ সদস্যসকলে সংবিধানৰ তৃতীয় তফচিলত উল্লেখিত নিয়ম অনুসৰি যিজনৰ সন্মুখত শপত বা দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰিব, সেই ব্যক্তি হিচাপে ৰাজ্যপালে চন্দ্ৰমোহন পাটোৱাৰীক নিযুক্তি দিয়ে। বিধানসভাৰ স্পীকাৰ নিৰ্বাচিত হোৱাৰ পিছত সদস্যসকলে স্পীকাৰৰ সন্মুখত, আৰু তেওঁৰ অনুপস্থিতিত উপ-অধ্যক্ষৰ সন্মুখত শপত গ্ৰহণ কৰিব। স্পীকাৰ আৰু উপ-অধ্যক্ষ দুয়োজনেই অনুপস্থিত থাকিলে, অধিৱেশন চলি থকা সময়ত যিজনে সভা পৰিচালনা কৰি থাকিব, তেওঁৰ সন্মুখত শপত গ্ৰহণ কৰা হ’ব।
ৰাজ্যপালে আজি চন্দ্ৰমোহন পাটোৱাৰীক প্ৰ’টেম স্পীকাৰ হিচাপে শপতবাক্য পাঠ কৰাব। ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশন ২১, ২২, ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব।
অধিক পঢ়ক - ডিমা হাছাওত গ্ৰাম্য সংযোগ আৰু পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ সৰ্বকনিষ্ঠ মহিলা বিধায়িকা ৰূপালী লাংথাছাৰ