নতুন দিল্লী: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মৌখিকভাৱে মন্তব্য কৰে যে ব্যক্তিগত বিমান সংস্থাসমূহে লোৱা বিমান ভাড়াত কিছু “যুক্তিসংগততা” থাকিব লাগে। উৎসৱৰ সময় আৰু ছুটীৰ দিনত টিকটৰ মূল্যৰ অনিয়মিত উঠা-নমা আৰু অতিৰিক্ত চাৰ্জ নিয়ন্ত্ৰণৰ বাবে নিয়মাৱলী বিচাৰি দাখিল কৰা জনস্বার্থ আবেদন (PIL)ৰ শুনানিৰ সময়ত এই মন্তব্য কৰা হয়।
“মানুহক কিছু সকাহ দিবলৈ চেষ্টা কৰক। একে দিনতে, একে গন্তব্যস্থললৈ ফ্লাইটৰ ক্ষেত্ৰত এটা বিমান সংস্থাই ইক’নমি শ্ৰেণীত ৮,০০০ টকা লয়, আনটোৱে ১৮,০০০ টকা লয়। ইয়াত কিছু যুক্তিসংগততা থাকিব লাগে,” ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাই কেন্দ্ৰ আৰু অসামৰিক বিমান পৰিবহন সঞ্চালকালয় (DGCA)-ৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক উদ্দেশ্য কৰি এই কথা কয়। (IANS)