আজাৰা: দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপাখালিৰ দিবাকৰ দাসে শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৯.৬ শতাংশ নম্বৰ লাভ কৰি পৰিয়াল আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
দিবাকৰ দাস প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সুৰেশ দাস আৰু শশী দাসৰ পুত্ৰ। আৰ্থিক সীমাবদ্ধতাৰ মাজতো তেওঁ অধ্যয়নৰ প্ৰতি অসাধাৰণ নিষ্ঠা আৰু অধ্যৱসায় দেখুৱাইছে।
বৰ্তমান ভগৱতীপাৰাত ভাড়া ঘৰত বাস কৰি থকা দিবাকৰে কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ জৰিয়তে নিজৰ শিক্ষা অব্যাহত ৰাখিছে।
অধিক পঢ়ক - মাজবাটত আচাৰ্য সকলৰ বাবে ৭ দিনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰ আয়োজন