আজিৰ অসম

উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা, ২৬,১০৯ জন আক্ৰান্তৰে তালিকাৰ শীৰ্ষত অসম

২০২৪-২৫ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতেই HIV-ত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক আছিল। ৰাজ্যখনত এই সংখ্যা আছিল ২৬,১০৯ জন।

Sentinel Digital Desk

গুৱাহাটীঃ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত HIV-ত আক্ৰান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাটো উদ্বেগজনক বিষয় হৈ পৰিছে। ২০২৪-২৫ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতেই HIV-ত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক আছিল। ৰাজ্যখনত এই সংখ্যা আছিল ২৬,১০৯ জন। আনহাতে, ছিকিমত এই সংখ্যা আছিল আটাইতকৈ কম ৪৪৬ জন।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, অসমত ২০২০-২১ বৰ্ষত HIV-ত আক্ৰান্ত লোকৰ সংখ্যা আছিল ১১,৩৬৪ জন। পিছৰ বছৰসমূহত এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই ২০২১-২২ত ১২,৯৬৬, ২০২২-২৩ত ১৬,০৮৮, ২০২৩-২৪ত ২১,৫৯২ আৰু ২০২৪-২৫ত ২৬,১০৯ জনলৈ বৃদ্ধি পাইছে।

২০২৪-২৫ বৰ্ষত মিজোৰামত ২০,১৪১ জন, নাগালেণ্ডত ১৯,২৩৯ জন, মণিপুৰত ১৬,৯২০ জন, মেঘালয়ত ৮,২৬২ জন, ত্ৰিপুৰাত ৭,৫৬০ জন, আৰু অৰুণাচল প্ৰদেশত ২,১৭৬ জন HIV-ত আক্ৰান্ত লোক আছিল। দেশজুৰি মহাৰাষ্ট্ৰত HIV-ত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক ৩,৬৮,০২৩ জন।

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় এইডছ আৰু এছটিডি নিয়ন্ত্ৰণ কাৰ্যসূচী (NACP)-ৰ অধীনত এ আৰ টি চেণ্টাৰ আৰু লিংক এ আৰ টি চেণ্টাৰৰ জৰিয়তে HIV-ত আক্ৰান্ত সকলো লোকক বিনামূলীয়াকৈ Antiretroviral Therapy (ART) প্ৰদান কৰি আহিছে। ARV ঔষধসমূহ কেন্দ্ৰীয়ভাৱে সংগ্ৰহ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ যোগান ধৰা হয়।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত HIV-ত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই থকাৰ কাৰণসমূহ এতিয়া গভীৰভাৱে অনুসন্ধান কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।

অধিক পঢ়ক - অসম পৰ্যটন উন্নয়ন নিগমৰ শক্তিশালী আৰ্থিক সফলতা