গুৱাহাটীঃ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ পদক্ষেপৰ অধীনত লোকভৱনত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।
ৰাজ্যপালগৰাকীয়ে দুয়োখন ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই উদযাপনে জাতীয় ঐক্য, সাংস্কৃতিক আদান-প্ৰদান আৰু পাৰস্পৰিক বুজাবুজি অধিক শক্তিশালী কৰিব। তেওঁ স্মৰণ কৰি কয় যে ভাষিক পুনৰ্গঠনৰ পিছত ১৯৬০ চনৰ ১ মে’ত গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন হৈছিল।
তেওঁ দুয়োখন ৰাজ্যৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱদানৰ ওপৰত আলোকপাত কৰি অসমৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত অৰিন্দম বৰুৱাৰ আদৰণি ভাষণ আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়, য’ত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ পাইছে।
অধিক পঢ়ক - গুৱাহাটীৰ উলুবাৰীত ৫২ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যুৰ সৈতে জড়িত দুৰ্ঘটনাত ট্ৰাকৰ চালকক গ্ৰেপ্তাৰ