গুৱাহাটী: গুৱাহাটীৰ পানীখাইটি অঞ্চলত এজন আৰক্ষী বিষয়াই নিজৰ সেৱা ৰিভলভাৰৰে নিজকে গুলি কৰি আত্মহত্যা কৰাৰ অভিযোগ উঠিছে।
মৃত আৰক্ষীজনৰ নাম উৎপল বৰুৱা (৩০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ পানীখাইটি হোম গাৰ্ড ট্ৰেইনিং চেণ্টাৰত প্লাটুন কমাণ্ডাৰ (SI) হিচাপে কৰ্মৰত আছিল। তেওঁ ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলানী নগৰৰ কুশল বৰুৱাৰ পুত্ৰ আছিল।
প্ৰাথমিক তথ্য অনুসৰি, ঘটনাৰ সময়ত তেওঁ চৰকাৰী আৱাসত একেলগে আছিল। এই চূড়ান্ত পদক্ষেপ লোৱাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
অধিক পঢ়ক - হাইস্কুল লিভিং চাৰ্টিফিকেট (HSLC) কম্পাৰ্টমেণ্টেল পৰীক্ষা ২০২৬ৰ সময়সূচী ঘোষণা