আজিৰ অসম

গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী IMD ৰ; বান, ভূমিস্খলনৰ বাবে সাজু হৈছে জিলা কৰ্তৃপক্ষ

অহা ৩–৪ দিনৰ ভিতৰত গুৱাহাটীত বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৰষুণ (৭–২০ চে.মি.) হোৱাৰ আগজাননী ; ৰাজ্যজুৰি বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আৰএমচি (RMC) য়ে।

Sentinel Digital Desk

গুৱাহাটীঃ ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৩-৪ দিনত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত (২৪ ঘণ্টাত ৭-২০ চে.মি.) বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰইও ৰাজ্যৰ বিভিন্ন স্থানত আগন্তুক কেইদিনমানৰ ভিতৰত বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য মতে, বতৰৰ আৰ্হিৰ পৰা অনুমান কৰিব পাৰি যে অনাগত দিনত মহানগৰীৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু ধুমুহা বতাহৰ সৈতে বৰষুণৰ সম্ভাৱনা আছে। যাৰ ফলত পানী জমা হোৱাটো অধিক ভয়াৱহ হ’ব পাৰে, যান-বাহনৰ গতি লেহেমীয়া হ’ব পাৰে, দুৰ্বল স্থানত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে। সংস্থাটোৱে লগতে কয় যে চহৰ কৰ্তৃপক্ষ আৰু এ এছ ডি এম এয়ে পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে, আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সজাগ কৰি ৰখা হৈছে।

আগতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)এ গুৱাহাটীবাসীক প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকিবলৈ অনুৰোধ জনায়। তীব্ৰ বৰষুণৰ সময়ত অপ্ৰয়োজনীয় গতিবিধিৰ পৰা হাত সাৰিবলৈ দৈনিক যাতায়ত আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলকো সেই অনুসৰি নিজৰ ৰুটিন পৰিকল্পনা কৰিবলৈ অনুৰোধ জনায়। নিম্ন আৰু পাহাৰৰ ঢালৰ বাসিন্দাসকলক বানপানী বা ভূমিস্খলনৰ কোনো লক্ষণৰ বাবে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ১৯ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ২০ এপ্ৰিলৰ পুৱালৈকে অবিৰত বৰষুণৰ ফলত শেহতীয়াকৈ মহানগৰীত হোৱা বানপানীৰ বাবে এ এছ ডি এম এ (ASDMA)য়ে এই সতৰ্কতামূলক পৰামৰ্শ প্ৰচাৰ কৰে।

এ এছ ডি এম এয়ে লগতে কয় যে সাধাৰণ সজাগতাৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট অৰ্থাৎ https://asdma.assam.gov.in/resource/assam-weather-forecast আৰু সকলো ছ’চিয়েল মিডিয়া মাধ্যমত সময়ে সময়ে পৰিস্থিতিৰ সম্পৰ্কে প্ৰকাশ কৰা হ’ব। সেয়েহে জনসাধাৰণক চৰকাৰী বতৰৰ আপডেটৰ সৈতে জড়িত হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে যাতে এই দীৰ্ঘদিনীয়া বৰষুণৰ সময়ছোৱাত নিৰাপত্তা নিশ্চিত কৰিব পৰা যায়।

অধিক পঢ়ক - অৰুণাচলত আৱিষ্কাৰ হৈছে বিৰল প্ৰজাতিৰ ‘ফাংগড’ বোকাত বাহ সজা বেং