আজিৰ অসম

গুৱাহাটীৰ পানীখাইটি ৰেল ষ্টেচনৰ সমীপত ৰেলৰ খুন্দাত অচিনাক্ত বয়োজ্যেষ্ঠ ব্যক্তি নিহত

গুৱাহাটীৰ পানীখাইটি ৰেল ষ্টেচনৰ সমীপত বৃহস্পতিবাৰে ৰে’লে খুন্দা মৰাৰ ফলত এজন অচিনাক্ত লোকৰ মৃত্যু হয়।

Sentinel Digital Desk

গুৱাহাটীঃ গুৱাহাটীৰ পানীখাইটি ৰে’ল ষ্টেচনৰ সমীপত বৃহস্পতিবাৰে ৰে’লে খুন্দা মৰাৰ ফলত এজন অচিনাক্ত লোকৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ খবৰৰ পিছতে ৰে’ল আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ প্ৰায় ৬৫ ​​বছৰ বয়সৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উপলব্ধ তথ্য অনুসৰি ব্যক্তিজনে ৰে’লপথ পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰ বেগেৰে আহি থকা বি জি এক্সপ্ৰেছ ৰে’লে তেওঁক প্ৰায় দহ মিটাৰ টানি লৈ যোৱা বুলি জানিব পৰা গৈছে। মৃতদেহটো অংগচ্ছেদ অৱস্থাত উদ্ধাৰ।

আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

অধিক পঢ়ক - ভাইৰেল অডিঅ’ক ভুৱা বুলি নাকচ কৰিলে শ্যামকানু মহন্তৰ পত্নীয়ে, ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ আৰু এচিড আক্ৰমণৰ ভাবুকিৰ কথা উল্লেখ কৰে