আজিৰ অসম

জুবিন গাৰ্গৰ মৃত্যুকাণ্ডত জড়িত সাতজন অভিযুক্তৰ বিৰুদ্ধে আদালতৰ অভিযোগ গঠন

অভিযোগ গঠনৰ পিছত অহা ৮ জুন, ২০২৬ৰ পৰা এই গোচৰৰ দৈনিক ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Sentinel Digital Desk

গুৱাহাটীঃ জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ গোচৰত ফাষ্ট-ট্ৰেক আদালতে আজি সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰে। অভিযোগ গঠনৰ পিছত অহা ৮ জুন, ২০২৬ৰ পৰা এই গোচৰৰ দৈনিক ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

অভিযুক্তসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, হত্যা, প্ৰমাণ নষ্ট কৰা, ধন দাবী, বিশ্বাসভংগ, প্ৰবঞ্চনা আদি বিভিন্ন ধাৰাত অভিযোগ গঠন কৰা হৈছে।

প্ৰেছাইডিং অফিচাৰ শৰ্মিলা ভূঞাৰ ফাষ্ট-ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNS-ৰ 3(6), 3(7), 3(8), 61(2), 103(1) আৰু 61(2)/316(5) ধাৰাত অভিযোগ গঠন কৰে। শ্যামকানু মহন্তৰ বিৰুদ্ধে 3(6), 3(7), 3(8), 61(2), 103(1), 238, 318(4) আৰু 308(2) ধাৰাত অভিযোগ গঠন কৰা হয়।

শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে 3(6), 3(7), 3(8), 61(2), 103(1), 316(5) ধাৰা, অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে 3(6), 3(7), 3(8), 61(2), 103(1), 238 ধাৰাত অভিযোগ গঠন কৰা হয়। সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰাত আৰু নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে 61(2)/316(5) ধাৰাত অভিযোগ দাখিল কৰা হৈছে।

অভিযোগ গঠনৰ পিছত বিশেষ ৰাজহুৱা অভিয়োজক জিয়াউল কামাৰে সংবাদ মাধ্যমক কয় যে, ৮ জুনৰ পৰা মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ই দৈনিক চলিব। আদালতে সাক্ষীৰ তালিকা বিচাৰিছে আৰু অভিযোগপক্ষই শীঘ্ৰেই সেই তালিকা দাখিল কৰিব।

তেওঁ কয় যে, সন্দীপন গাৰ্গক বাদ দি বাকী ছয়জন অভিযুক্তৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ আছে। এই সকলো অভিযোগ আৰক্ষীৰ তদন্তৰ ভিত্তিত গঠন কৰা হৈছে।

আনহাতে সংবাদ মাধ্যমৰ সৈতে কথা পাতি গৰিমা শইকীয়া গাৰ্গে কয়, “অভিযোগপক্ষই মই আশা কৰা ধৰণেই গোচৰটো চলিছে। এই প্ৰক্ৰিয়া দীঘলীয়া হ’ব, কিয়নো ৩৯৪ জন সাক্ষী জড়িত আছে। সেয়ে ধৈৰ্য ধৰা প্ৰয়োজন।”

অধিক পঢ়ক - বিশ্বজুৰি অস্থিৰতাৰ মাজত মূল্যবৃদ্ধিৰ পৰা গ্ৰাহকক সুৰক্ষা দিবলৈ অসম চৰকাৰৰ ‘প্ৰাইচ ষ্টেবিলাইজেচন ফাণ্ড’ গঠনৰ পৰিকল্পনা