আজিৰ অসম

জে পি নাড্ডাক অসমৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি: বিজেপিয়ে চৰকাৰ গঠন সম্পৰ্কীয় আলোচনা আৰম্ভ, ১০ মে’ৰ ভিতৰত শপতগ্ৰহণ হোৱাৰ সম্ভাৱনা

বিজেপিৰ শীৰ্ষ নেতৃত্বই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু হাৰিয়ানা মুখ্যমন্ত্ৰী নায়াব সিং চাইনীক অসমত বিজেপি বিধায়ক দলৰ নেতা নিৰ্বাচনৰ বাবে সহ-কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

Sentinel Digital Desk

গুৱাহাটীঃ বিজেপিৰ শীৰ্ষ নেতৃত্বই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু হাৰিয়ানা মুখ্যমন্ত্ৰী নায়াব সিং চাইনীক অসমত বিজেপি বিধায়ক দলৰ নেতা নিৰ্বাচনৰ বাবে সহ-কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। নাড্ডা আৰু চাইনি সোনকালে উপস্থিত হ’ব গুৱাহাটীত ।

১৫সংখ্যক অসম বিধানসভাৰ কাৰ্যকাল ২০২৬ চনৰ ২০ মে’ত সমাপ্ত হ’ব। সেয়ে নতুন চৰকাৰ গঠন হ’ব লাগিব আৰু নৱনিৰ্বাচিত সদস্যসকলে ২০২৬ চনৰ ২১ মে’ৰ আগতে ১৬সংখ্যক অসম বিধানসভাত শপতগ্ৰহণ কৰিব লাগিব।

নাড্ডা আৰু চাইনীৰ উপস্থিতিত বিজেপিয়ে নিজৰ বিধায়ক দল (বিজেপিএলপি)ৰ নেতা নিৰ্বাচন কৰিব লাগিব। তাৰ পিছত বিজেপিয়ে নিজৰ মিত্ৰদলসমূহৰ সৈতে বৈঠক কৰি তেওঁলোকৰ বিধায়ক দলৰ নেতাসকলক বাছনি কৰিব, যিসকলে বিজেপি বিধায়ক দলৰ নেতাজনক সমৰ্থন দিব। নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই যদিও প্ৰাৰম্ভিকভাৱে ৯ বা ১০ মে’ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ১৫সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে’ত শপতগ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বি পি এফ সভাপতি হাগ্ৰামা মহিলাৰী আৰু এ জি পি সভাপতি অতুল বৰাৰ সৈতে এই সন্দৰ্ভত অনানুষ্ঠানিক আলোচনা কৰিছে। তেওঁ আৰ এছ এছ কাৰ্যালয়তো ভ্ৰমণ কৰিছিল।

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া (CEO)য়ে ৬ মে’ত নতুনকৈ নিৰ্বাচিত সদস্যসকলক আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত উপস্থাপন কৰিব। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নেতা নিৰ্বাচনৰ পিছত ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে সেই মিত্ৰজোঁটক আমন্ত্ৰণ জনাব।

ইয়াৰ মাজতে বিজেপিৰ মুখপাত্ৰ মিতা নাথ বৰাই কৈছিল, “এই জনাদেশে বিজেপিক অসমৰ জনসাধাৰণৰ সেৱাৰ ক্ষেত্ৰত পুনৰ এক নতুন দায়িত্ব প্ৰদান কৰিছে। আমি অধিক শক্তিশালী, অধিক সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশে আগবাঢ়িম। জে পি নাড্ডাৰ দিশ নির্দেশনাত নতুন চৰকাৰ গঠন হ’ব।”

তেওঁ লগতে কৈছিল, “এই জনাদেশে আন্তঃগাঁথনি উন্নয়ন, যুৱ শক্তি সৱলীকৰণ, মহিলাৰ কল্যাণ আৰু অসমৰ সমৃদ্ধ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰত চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰ সফলতা প্ৰতিফলিত কৰে। ই বিভাজনমূলক ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি, জনজাতীয়-বিৰোধী ৰাজনীতিৰ প্ৰতি জনসাধাৰণৰ প্ৰত্যাখ্যান আৰু ঐক্য, উন্নয়ন, সমৃদ্ধি আৰু ব্যাপক সুযোগৰ ওপৰত ভিত্তি কৰি গঢ়া দৃষ্টিভংগীৰ সমৰ্থনো প্ৰকাশ কৰে।”

অধিক পঢ়ক - গোলাঘাটত ভাৰতীয় জনতা পাৰ্টীয়ে ৫খনৰ ভিতৰত ৪খন আসন দখল কৰে