তিনিচুকীয়াঃ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে আন্তঃৰাজ্যিক ধন লেনদেন আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী অৰ্থ সাহায্যৰ সৈতে জড়িত এক চাঞ্চল্যকৰ ঘটনা উদ্ঘাটন কৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত মূল অভিযুক্ত মহাৰাষ্ট্ৰৰ পালঘৰৰ শ্বেইখ ৱাজিৰও আছে।
তিনিচুকীয়া আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ পৰা ৱাজিৰক ট্ৰানজিট ৰিমাণ্ডত আনিছে। আন চাৰিজনক তিনিচুকীয়া, ডিব্ৰুগড় আৰু যোৰহাট জিলাৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, তেওঁলোকে ধন দাবী কৰি সংগ্ৰহ কৰা টকা পিছত ৱাজিৰৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল।
দেওবাৰে আয়োজিত এক সংবাদমেলত তিনিচুকীয়াৰ এ এছ পি(ASP) মৃণময় দাস আৰু ডি এছ পি (DSP)ডি এছ ৰাথোৰে কয় যে, প্ৰথমে আৰক্ষীয়ে ধন দাবীৰ অভিযোগত দেৱাশীষ গোহাঁই আৰু দীপু চেতিয়া পাত্ৰক আটক কৰিছিল। পিছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত সমগ্ৰ চক্ৰটোৰ তথ্য পোহৰলৈ আহে।
আৰক্ষীয়ে জনোৱা মতে, মূল অভিযুক্ত ৱাজিৰৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ধন সাহায্যৰ সৈতে জড়িত সন্দেহজনক আৰ্থিক লেনদেন আৰু সন্দেহজনক ভ্ৰমণৰ ইতিহাস আছে। এই সন্দৰ্ভত ভাৰতৰ আন কেইবাটাও স্থানত স্থানীয় আৰক্ষীৰ সহযোগত অভিযান চলোৱা হৈছে।
গ্ৰেপ্তাৰ হোৱা আন লোকসকল হৈছে— সমৰ গোহাঁই (৩৮), দেৱাশীষ গোহাঁই (২৭), দীপু চেতিয়া পাত্ৰ (৩০), ৰিপুঞ্জয় চেতিয়া পাত্ৰ আৰু মৃত্যুঞ্জয় কোঁৱৰ (৩৯)। এই ঘটনাৰ সৈতে জড়িত হৈ তিনিচুকীয়া থানাত দুটা গোচৰ ৰুজু কৰা হৈছে।
অধিক পঢ়ক - অসম ভাৰতৰ ৰাজ্যসমূহৰ বাবে দক্ষ আৰ্থিক ব্যৱস্থাপনা আৰু ডিজিটেল শাসনৰ আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে