তিনিচুকীয়া: জিলাখনৰ ছয়টা বিধানসভা সমষ্টি—৮১ নং শদিয়া, ৮২ নং-ডুমডুমা, ৮৩ নং-মাৰ্ঘেৰিটা, ৮৪নং -ডিগবৈ, ৮৫নং -মাকুম আৰু ৮৬নং -তিনিচুকীয়াত ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party)-এ বৃহৎ ব্যৱধানত জয় লাভ কৰি সম্পূৰ্ণ দখল নিশ্চিত কৰিছে।
৮১-নং শদিয়া সমষ্টিত বিজেপিৰ বলিন চেতিয়াই ৪১,৭৪৯টা ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ ৯৭,০৮৭টা ভোট লাভ কৰাৰ বিপৰীতে AJP-ৰ জগদীশ ভুঁইয়াই ৫৫,৩৩৮টা ভোট লাভ কৰে।
৮২-ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাই কংগ্ৰেছৰ দুর্গা ভূমিজক ৫৫,৩৮২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। গোৱালাই ৮৬,০০৯টা ভোট লাভ কৰে, আনহাতে ভূমিজে ৩০,৬২৭টা ভোট লাভ কৰে।
৮৩-মাৰ্ঘেৰিটাত দুবাৰ বিধায়ক ভাস্কৰ শৰ্মাই ৫৫,৩১৭টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। তেওঁ ৮৬,৩৪৯টা ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ ৰাহুল চেত্ৰীয়ে ৩১,০৩২টা ভোট আৰু JMM-ৰ গাৰ্নেল মিন্জে ১৯,২২৮টা ভোট লাভ কৰে।
৮৪-ডিগবৈ সমষ্টিত চুৰেন ফুকনে ৪১,০৭৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। তেওঁ ৬৫,৬৯০টা ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ দুলাল মৰাণে ২৪,৬১৭টা ভোট আৰু JJM-ৰ ভাৰত নায়কে ১৯,৬৩৮টা ভোট লাভ কৰে।
৮৫-মাকুমত প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক সঞ্জয় কিষাণে ২৮,২৭৬টা ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ ৭৪,৬৯৪টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ শিৱনাথ চেতিয়াই ৪৬,৪১৮টা ভোট লাভ কৰে।
৮৬-তিনিচুকীয়া বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party)-ৰ পুলক গোহাঁইয়ে বৃহৎ ব্যৱধানত জয় লাভ কৰিছে।
পুলক গোহাঁইয়ে মুঠ ৮৫,১৮৪টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী ডেভিড ফুকনক ৪৮,৪৯৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ডেভিড ফুকনে ৩৬,৬৮৭টা ভোট লাভ কৰে।
এই ফলাফলে তিনিচুকীয়া সমষ্টিত বিজেপিৰ শক্তিশালী ভোট-ভিত্তি আৰু সমগ্ৰ জিলাখনত দলটোৰ ব্যাপক আধিপত্য পুনৰ প্ৰতিফলিত কৰে।
অধিক পঢ়ক - ৫২ নং জাগীৰোড সমষ্টিত বিজেপিৰ শীৰ্ষ নেতা পীয়ুষ হাজৰিকাৰ বৃহৎ জয়লাভ