নতুন দিল্লীঃ NEET-UG ২০২৬ প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ পিছত পৰীক্ষা পৰিচালনাত গাঁথনিগত সংস্কাৰৰ দাবী জনাই দাখিল কৰা আবেদনসমূহৰ শুনানিত সোমবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ই কেন্দ্ৰীয় চৰকাৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা(NTA) আৰু অন্যান্য কৰ্তৃপক্ষক জাননী জাৰি কৰে। আবেদনসমূহত NEET-UG পৰীক্ষা কম্পিউটাৰ-ভিত্তিক পৰীক্ষা (CBT) পদ্ধতিলৈ তৎক্ষণাৎ ৰূপান্তৰ কৰাৰ দাবীও উত্থাপন কৰা হৈছে।
ন্যায়াধীশ পি এছ নৰসিংহ আৰুআলোক আৰাধেৰ বিচাৰপীঠে আবেদনসমূহৰ প্ৰতিলিপি কেন্দ্ৰ চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ আইন বিষয়ক বিষয়া Solicitor General তুষাৰ মেহতালৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু বিষয়টোৰ পৰৱৰ্তী শুনানি শুকুৰবাৰ (২৯ মে’)লৈ নিৰ্ধাৰণ কৰে।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে NEET-UG ২০২৪-ৰ বিতৰ্ক আৰু তাৰ পিছত প্ৰাক্তন ISRO অধ্যক্ষ কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ কমিটিয়ে দিয়া পৰামৰ্শসমূহ সত্ত্বেও পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰাপত্তাক লৈ পুনৰ উদ্বেগ উত্থাপিত হৈছে।
“তেওঁলোকে এতিয়াও শিক্ষা লোৱা নাই, ই দুখজনক,” ন্যায়াধীশ নৰসিংহ নেতৃত্বাধীন বেঞ্চে মৌখিকভাৱে মন্তব্য কৰে।
উচ্চতম ন্যায়ালয়ে স্মৰণ কৰাই দিয়ে যে ২০২৪ চনৰ বিতৰ্কৰ পিছত ইতিমধ্যে এখন কমিটি গঠন কৰা হৈছিল, ইয়াৰ পৰামৰ্শসমূহ গ্ৰহণ কৰা হৈছিল আৰু এক পৰ্যবেক্ষণ ব্যৱস্থাও গঠন কৰা হৈছিল। এই পৰিপ্ৰেক্ষিতত বেঞ্চে NTA-ক ২০২৪ চনৰ ১৪ নৱেম্বৰত গঠিত পৰ্যবেক্ষণ কমিটিৰ পৰামৰ্শসমূহ মানি চলাৰ বৰ্তমান স্থিতি স্পষ্ট কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াত কমিটিৰ কাৰ্যপদ্ধতিৰ বিৱৰণো অন্তৰ্ভুক্ত থাকিব লাগিব।
আদালতে লগতে উচ্চ পৰ্যায়ৰ কমিটিৰ অধ্যক্ষ প্ৰফেচৰ কে. ৰাধাকৃষ্ণনকো পৃথক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে, য’ত কমিটিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু উচ্চতম ন্যায়ালয়ে পূৰ্বে দিয়া নিৰ্দেশসমূহ মানি চলাৰ বিষয়ত তথ্য উল্লেখ থাকিব।
শেহতীয়া এই নিৰ্দেশসমূহ ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েচন (FAIMA) আৰু ইউনাইটেড ডাক্তৰ ফ্ৰন্টকে ধৰি বিভিন্ন সংগঠনে দাখিল কৰা আবেদনসমূহৰ শুনানিৰ সময়ত জাৰি কৰা হয়। আবেদনসমূহত NEET-UG পৰীক্ষা পৰিচালনাত জবাবদিহিতা আৰু গাঁথনিগত সংস্কাৰৰ দাবী উত্থাপন কৰা হৈছে।
এটা আবেদনত NEET-UG পৰীক্ষাক তৎক্ষণাৎ সম্পূৰ্ণ কম্পিউটাৰ-ভিত্তিক পৰীক্ষা (CBT) পদ্ধতিলৈ ৰূপান্তৰ কৰাৰ দাবী জনোৱা হৈছে। আবেদনকাৰীসকলে যুক্তি দিয়ে যে বৰ্তমানৰ কলম-কাগজভিত্তিক ব্যৱস্থা, য’ত গোপনীয় প্ৰশ্নপত্ৰ ছপা, পৰিবহণ আৰু সংৰক্ষণ জড়িত থাকে, সেয়া “স্বাভাৱিকভাৱেই ঝুঁকিপূৰ্ণ”।
আবেদনখনত উল্লেখ কৰা হয় যে NEET-UG ২০২৪ বিতৰ্কৰ পিছত বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছিল যদিও পৰীক্ষাটো এতিয়াও “প্ৰায় একেই কলম-কাগজভিত্তিক ব্যৱস্থা” অনুসৰি অনুষ্ঠিত হৈ আছে। লগতে আবেদনকাৰীসকলে কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২০২৭ চনৰ পৰা NEET-UG-ত CBT পদ্ধতি প্ৰৱৰ্তনৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছে। ইয়াৰ দ্বাৰাই “প্ৰযুক্তিগত সংস্কাৰ আৰু সুৰক্ষিত ডিজিটেল পৰীক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা” স্বীকাৰ কৰা হৈছে বুলি আবেদনত দাবী কৰা হয়।
আবেদনত আরও দাবী কৰা হৈছে যে National Testing Agency (NTA)-ৰ পৰিৱৰ্তে “আইনী জবাবদিহিতা, ন্যায়িক তদাৰকী আৰু উন্নত প্ৰযুক্তিগত সুৰক্ষা ব্যৱস্থাসম্পন্ন” এক নতুন স্বাধীন, স্বচ্ছ আৰু পেছাদাৰীভাৱে নিয়ন্ত্রিত National Examination Authority গঠন কৰিব লাগে।
আন এক আবেদনত National Testing Agency (NTA)-ৰ “গাঁথনিগত ব্যৰ্থতা”ক প্ৰত্যাহ্বান জনাই Society Registration Act, 1860-ৰ অধীনত পঞ্জীয়িত সংস্থা হিচাপে ইয়াৰ বৰ্তমানৰ গঠন ভংগ কৰাৰ দাবী জনোৱা হৈছে।
আবেদনসমূহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাসমূহত সংস্কাৰ তদাৰক কৰাৰ বাবে আদালতৰ তত্ত্বাৱধানত এখন কমিটি গঠনৰ দাবীও উত্থাপন কৰা হৈছে। লগতে এনক্রিপ্টেড ডিজিটেল প্ৰশ্নপত্ৰ প্ৰেৰণ ব্যৱস্থা, বায়োমেট্ৰিক যাচাই, AI-ভিত্তিক নিৰীক্ষণ আৰু অধিক কঠোৰ চাইবাৰ সুৰক্ষা প্ৰট’কল কাৰ্যকৰী কৰাৰ আহ্বান জনোৱা হৈছে।
ইয়াৰ উপৰিও, প্ৰশ্নপত্ৰ ফাঁস আৰু সংঘবদ্ধ নকল চক্ৰৰ সৈতে জড়িত বুলি অভিযোগ থকা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ফৌজদাৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিচৰা হৈছে। লগতে NEET-UG ২০২৬ প্ৰশ্নপত্ৰ ফাঁসৰ অভিযোগৰ তদন্তত কেন্দ্ৰীয় তদন্ত ব্যুৰো (CBI)-এ কিমান অগ্ৰগতি সাধন কৰিছে, সেই বিষয়ে স্থিতি প্ৰতিবেদনো বিচৰা হৈছে।
আবেদনসমূহত উল্লেখ কৰা হৈছে যে NEET-UG ২০২৬-কে কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক—য’ত ৩ মে’ৰ পৰীক্ষাৰ পূৰ্বে “guess paper” প্ৰচাৰিত হোৱাৰ অভিযোগ আৰু তাৰ পিছত ১২ মে’ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত অন্তৰ্ভুক্ত—সেয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাসমূহত সঘনাই দেখা দিয়া এক পুনৰাবৃত্ত সমস্যাৰ অংশ। (IANS)
অধিক পঢ়ক - ৩৩ শতাংশ মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত অসম বিধানসভাৰ প্ৰস্তাৱ গৃহীত