আজিৰ অসম

দশক পুৰণি অসমৰ নাৰ্ছিং প্ৰশিক্ষণ কেলেংকাৰিৰ তদন্তত নামিব CM’s Special Vigilance Cell

বহু বছৰ ধৰি স্থগিত হৈ থকা ২০১৩-১৪ চনৰ Assam Nurses’, Midwives’ & Health Visitors’ Council কেলেংকাৰিৰ তদন্ত এতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষ (CM’s SVC)-এ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

Sentinel Digital Desk

গুৱাহাটীঃ বহু বছৰ ধৰি স্থগিত হৈ থকা ২০১৩-১৪ চনৰ Assam Nurses’, Midwives’ & Health Visitors’ Council কেলেংকাৰিৰ তদন্ত এতিয়া মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষ (CM’s SVC)-এ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

ৰাজ্য চৰকাৰে কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ক দিছিল যদিও সংস্থাটোৱে দহ বছৰতকৈ অধিক সময় কোনো গোচৰ ৰুজু নকৰাকৈ বিষয়টো স্থগিত ৰাখিছিল। অৱশেষত ২০২৫ চনত এটা গোচৰ (48/2025) ৰুজু কৰা হয়। কিন্তু তাৰ পিছতো তদন্তত বিশেষ অগ্ৰগতি হোৱা নাছিল।

অভিযোগ অনুসৰি, নার্ছিং প্ৰতিষ্ঠানত শিক্ষাৰ্থী ভৰ্তি আৰু প্ৰশিক্ষণৰ নামত লাখ লাখ টকাৰ কেলেংকাৰি সংঘটিত হৈছিল।

সম্প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত CM’s SVC-এ তদন্তৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এতিয়া ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে এই গোচৰৰ তদন্ত CM’s SVC-লৈ হস্তান্তৰ কৰিছে। তদন্তৰ ফলাফল পুনৰ সঞ্চালকালয়ক দিয়া হ’ব আৰু তাৰ পিছত চাৰ্জশ্বীট দাখিলসহ বাকী আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।

অধিক পঢ়ক - অবৈধ পথ বিক্ৰেতাৰ বাবে গুৱাহাটীত যানজঁট, ক্ষতিগ্ৰস্ত বৈধ ব্যৱসায়ী